অসমত চাৰিটা CBG প্লাণ্টৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…
Bio-Gas Units in Assam: আজি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটা কম্প্ৰেছড বায়’-গেছ (CBG) প্লাণ্টৰ নিৰ্মাণ শুভাৰম্ভণি কৰে। ভাৰ্চুৱেলি আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে এই প্লাণ্ট কেইটাৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
অসমত স্থাপন হ’বলৈ গৈ আছে চাৰিটাকৈ কম্প্ৰেছড বায়’-গেছ (CBG)প্লাণ্ট (Bio-Gas Units in Assam) । ইতিমধ্যে এই চাৰিটা প্লাণ্টৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটা কম্প্ৰেছড বায়’-গেছ (CBG) প্লাণ্টৰ নিৰ্মাণ শুভাৰম্ভণি কৰে। ভাৰ্চুৱেলি আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে এই প্লাণ্ট কেইটাৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
স্বচ্ছ ভাৰত দিৱসৰ উপলক্ষে বহনক্ষম আৰু পৰিৱেশ অনুকূল শক্তিৰ পৰিৱেশৰ প্ৰচাৰৰ লক্ষ্যৰে দিল্লীৰ পৰা ভাৰ্চুৱেলি এক অনুষ্ঠান আয়োজিত কৰা হৈছিল । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উক্ত অনুষ্ঠানৰ জৰিয়তেই দেশৰ কেইবাটাও CBG প্লাণ্টৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে, অসমৰ চাৰিটা স্থানত নিৰ্মাণ হ’ব অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটা কম্প্ৰেছড বায়’-গেছ (চিবিজি) প্লাণ্ট । CBG প্লাণ্ট নিৰ্মাণ হ’বলগীয়া জিলা কেইখন হৈছে-গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়া ।
কোম্পানীটোৰ এক বিবৃতিত কোৱা হৈছে যে, অইল ইণ্ডিয়া লিমিটেডে ২০২৪-২৫ চনৰ ভিতৰত দেশত ২৫টা চিবিজি প্লাণ্ট স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সহযোগিতাৰে ৰাজহুৱা খণ্ডৰ ইউনিট (পিএছইউ)ৰ বিনিয়োগ বা ব্যক্তিগত উদ্যোগীৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে এই প্লাণ্টসমূহ স্থাপন কৰা পৰিকল্পনা কৰা হৈছে বুলি কোম্পানীটোৱে বিবৃতিটোত উল্লেখ কৰিছে ।
ইফালে, আজি প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এখন বিদ্যালয়ত উপস্থিত হয় আৰু স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। হাতত ঝাড়ু লৈ ঠাই পৰিস্কাৰ কৰা ফটো ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে- ‘আজি গান্ধী জয়ন্তীৰ দিনা মই মোৰ যুৱ বন্ধুসকলৰ সৈতে স্বচ্ছতা অভিযানত অংশ গ্ৰহণ কৰিলো। আপোনালোক সকলোকে অনুৰোধ জনাইছো যাতে আপোনলোকে চৌপাশ স্বচ্ছকৈ ৰাখে।’ এই পদক্ষেপে স্বচ্ছ ভাৰতৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।