শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীঃ সুধাকণ্ঠলৈ জনাব এনে বিশেষ সন্মান…

আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ সমুখত ৰাজ্যৰ নতুন প্ৰজন্মৰ শিল্পীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ অভিজ্ঞ শিল্পীৰ সংযোগেৰে সৰ্বমুঠ ১০০০ শিল্পীয়ে ২৩ মিনিটৰ বাবে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব।

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীঃ সুধাকণ্ঠলৈ জনাব এনে বিশেষ সন্মান…
আজি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 13 Sep 2025 06:50 AM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিয়লি বিশেষ বিমান যোগে প্ৰধানমন্ত্ৰীগৰাকী গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ দুই ৰাজ্য মিজোৰাম আৰু মণিপুৰ ভ্ৰমণ কৰিব। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত প্ৰথমটো কাৰ্যসূচী হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে খানাপাৰাত অনুষ্ঠিত হোৱা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

আজি বিয়লি প্ৰায় ৫ বজাত সুধাকণ্ঠৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। ইতিপূৰ্বে যোৱা ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত হোৱাৰ কথা আছিল যদিও পিছত তেওঁৰ ভ্ৰমণসূচী সালসলনি কৰা হৈছিল আৰু ১৩ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছিল।

আজি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এই জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকি তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। সুধাকণ্ঠৰ সন্মানাৰ্থে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে ভূপেন হাজৰিকাৰ স্মৃতিত এক বিশেষ ১০০ টকীয়া মুদ্ৰা উন্মোচন কৰিব। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ সমুখত ৰাজ্যৰ নতুন প্ৰজন্মৰ শিল্পীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ অভিজ্ঞ শিল্পীৰ সংযোগেৰে সৰ্বমুঠ ১০০০ শিল্পীয়ে ২৩ মিনিটৰ বাবে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব

উল্লেখ্য যে দুদিনীয়া এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাইলৈ অৰ্থাৎ ১৪ ছেপ্টেম্বৰত তেওঁ ৰাজ্যৰ পৃথক পৃথক স্থানত প্ৰায় ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। কাইলৈ দৰঙত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।

দৰঙৰ এই নিৰ্ধাৰিত কাৰ্যসূচীত অংশ লোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকী যোৰহাট অভিমুখে ৰাওনা হ’ব। যোৰহাটৰ পৰাই তেওঁ গোলাঘাটত উপস্থিত হৈ দুটাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। প্ৰথমে তেওঁ নুমলীগড়ত অসম বায়’-ইথানল প্ৰাইভেট লিমিটেডৰ নুমলীগড় শোধনাগাৰ প্লাণ্ট উদ্বোধন কৰিব। ইয়াৰ পিছতে তেওঁ গোলাঘাটত পলিপ্ৰ’পাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যৰ ভৱিষ্যতৰ অৰ্থনীতিত এই উদ্যোগ দুটাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।