শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘অসমলৈ আহি মোৰ যথেষ্ঠ ভাল লাগে…,’ কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে সুঁৱৰে কাজিৰঙাত পূৰ্বে অহা অভিজ্ঞতাৰ কথা। তেওঁ কয়, "দুবছৰৰ পূৰ্বে কাজিৰঙাত অতিবাহিত কৰা মোৰ সেই সময় জীৱনৰ বহুত বিশেষ অনুভৱৰ সৈতে যোগ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰাৰ সুবিধা পাইছিলো আৰু পিছদিনা পুৱা হাতী ছাফাৰীৰৰ সহায়ত সেই ক্ষেত্ৰৰ সুন্দৰতাক অনুভৱ কৰিছোঁ। মোৰ সদায় অসমলৈ আহি বেলেগ আনন্দ লাগে। এই ভূমি বীৰৰ ভূমি!"

‘অসমলৈ আহি মোৰ যথেষ্ঠ ভাল লাগে…,’ কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
Image Credit source: PM/ Assam CM FB
Barasha Misra
Barasha Misra | Updated On: 18 Jan 2026 12:26 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগুৰুম্বা প্ৰদৰ্শন কৰাৰ পিছত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এইবাৰ বহুকোটি টকাৰ উপহাৰ দিবলৈ সাজু হৈছে অসমবাসীক।

আজি কলিয়াবৰৰ মৌচন্দা পথাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে সকলোকে সম্বোধন। প্ৰধানমন্ত্ৰীক মৌচন্দা পথাৰত বাৰেৰহণীয়া সাংস্কৃতিক দলে আদৰি নিয়ে। কলিয়াবৰত উপস্থিত হৈ এলিভেটেড কৰিডৰৰ মডেল পৰ্যবেক্ষণ কৰে তাৰ পিছত কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ আধাৰশিলা স্থাপন কৰি বিশাল জনসভা সম্ৱোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৬,৯৫৭কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰ। যিটো প্ৰকল্পই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা NH-715 ৰ ৪-লেন যুক্ত কৰা আৰু ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব, যাতে বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে সুৰক্ষিতভাৱে কাৰ্বি আংলং পাহাৰলৈ পাৰ হ’ব পাৰে, আৰু এই প্ৰকল্পই পৰ্যটনৰ লগতে অঞ্চলটোৰ সংযোগ ব্যৱস্থাও উন্নত কৰিব।


ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে সুঁৱৰে কাজিৰঙাত পূৰ্বে অহা অভিজ্ঞতাৰ কথা। তেওঁ কয়, “দুবছৰৰ পূৰ্বে কাজিৰঙাত অতিবাহিত কৰা মোৰ সেই সময় জীৱনৰ বহুত বিশেষ অনুভৱৰ সৈতে যোগ হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৈশ যাপন কৰাৰ সুবিধা পাইছিলো আৰু পিছদিনা পুৱা হাতী ছাফাৰীৰৰ সহায়ত সেই ক্ষেত্ৰৰ সুন্দৰতাক অনুভৱ কৰিছোঁ। মোৰ সদায় অসমলৈ আহি বেলেগ আনন্দ লাগে। এই ভূমি বীৰৰ ভূমি!”

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয়, “কালি মই গুৱাহাটীত বাগুৰুম্বা দ’হৌ অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। বড়ো জনজাতিৰ যুৱতীসকলে বাগুৰুম্বাৰে অভিলেখ গঢ়িলে। তাত ১০ হাজাৰৰ অধিক নৃত্যশিল্পী আৰু চিফুঙৰ সুৰে মন্ত্ৰমুগ্ধ কৰি তোলে। অসমৰ কলাকাৰ সকলে আচৰিত প্ৰদৰ্শন কৰে। মই তাত উপস্থিত সকলোকে আজি পুনৰ অভিনন্দন জনাইছোঁ। আৰু ছ’চিয়েল মিডিয়া ইনফ্ৰুৱেঞ্চাৰকো ধন্যবাদ জনাইছোঁ, কিয়নো কালিৰ পৰা সকলোতে সেয়াই দেখা গৈছে। গতিকে তেওঁলোকো ধন্যবাদৰ পাত্ৰ।” ইয়াৰোপৰি প্ৰতিগৰাকী সংবাদকৰ্মীকো ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে।