5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৭ বছৰ বিৰতিৰ অন্তত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন! কিদৰে চলিছে শাসক-বিৰোধীৰ প্ৰস্তুতি?

পঞ্চায়তৰ পুনৰ গঠনৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ৭ বছৰ বিৰতিৰ পাছত এইবাৰ অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ’ব এই নিৰ্বাচন।

৭ বছৰ বিৰতিৰ অন্তত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন! কিদৰে চলিছে শাসক-বিৰোধীৰ প্ৰস্তুতি?
৭ বছৰ বিৰতিৰ অন্তত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন
trishna-kalita
Trishna Kalita | Updated On: 30 Nov 2024 19:45 PM

উপ-নিৰ্বাচনৰ পাছতেই ৰাজ্যত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তৰ পুনৰ গঠনৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। ৭ বছৰ বিৰতিৰ পাছত এইবাৰ অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ’ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ২৮ ডিচেম্বৰত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। জানুৱাৰীৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীয়ে।
ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে নিৰ্বাচনী বৈঠক।

ৰাজ্যিক নির্বাচন আয়োগৰ সুত্ৰই জনোৱা তথ্য অনুসৰি বেলট পেপাৰতেই হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ। ১১ ডিচেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা। ১৪ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ কৰিব পাৰি দাবী আৰু আপত্তি। ২৮ ডিচেম্বৰত প্ৰকাশ পাব সংশোধিত চূড়ান্ত ভোটাৰ তালিকা। ইফালে ২৩টাকৈ জিলা পৰিষদ হ্ৰাস কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে শিৱসাগৰ, যোৰহাটকে ধৰি ১৬খন জিলাত হ্ৰাস কৰিলে জিলা পৰিষদৰ সংখ্যা। সম্পন্ন হ’ল ZPC, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তৰ পুনঃগঠন।

লক্ষণীয় বিষয় যে অসমত বিগত বর্ষতে পঞ্চায়তৰ কাৰ্যকাল উকলি যায় । এনে ক্ষেত্ৰত চৰকাৰে নিৰ্বাচন কেতিয়া অনুষ্ঠিত কৰিব তাকে লৈ ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পোৱাৰ সময়তে অৱশেষত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ তৎপৰতা আৰম্ভ কৰাত ৰাজনৈতিক দলসমূহৰ সক্ৰিয়তা বৃদ্ধি পাইছে । সাধাৰণতে পঞ্চায়তৰ দৰে স্থানীয় নিৰ্বাচনত শাসকীয় দলৰেই প্ৰভাৱ অধিক হয় । কিন্তু অসমত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনক বিৰোধী দলবোৰে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল ৰূপে গ্ৰহণ কৰিছে । ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ মিত্ৰজোঁটে পঞ্চায়ত নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সম্ভাৱনা প্রকাৰান্তৰে নাকচ কৰিছে। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে সদৰী কৰিছে যে ৰাজ্যিক পৰ্যায়ত কোনো মিত্ৰতা নহয় । জিলা পৰ্যায়ত ক’ৰবাত প্রয়োজন হ’লে হ’ব পাৰে ।

ইয়াকে লৈ আজি সাংবাদিকৰ আগত অগপৰ সভাপতি অতুল বৰাই কয় যে, এইবাৰ পঞ্চায়ত নিৰ্বাচন দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ’ব যদিও বিজেপি আৰু অগপ দলে সহযোগিতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এইবাৰ সভাপতিক ৱাৰ্ড মেম্বাৰসকলে নিৰ্বচিত কৰিব। এইবাৰ বহু অৰাজনৈতিক ব্যক্তি বাব কোনো দলত নথকা ব্যক্তিয়ে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ইফালে পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতা সন্দৰ্ভত বুজা-বুজিৰ মাজেৰে সকলো হ’ব বুলি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

পঞ্চায়ত নিৰ্বাচন প্ৰসংগত বিজেপি চৰকাৰক সমালোচনা ভূপেন বৰাৰ। তেওঁ কয়, ‘ পঞ্চায়ত নিৰ্বাচন পতাৰ দিন উকলি গ’ল, বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পিছুৱাই নি আছে। ইয়াৰ দ্বাৰা পঞ্চায়তৰ নামত অহা ধন লুণ্ঠন চলাইছে বিজেপি চৰকাৰে।’

Latest News