বিজেপি একক বৃহত্তম দল হিচাপে পৰিগণিত হ’লেও আচৰিত হ’ব নালাগে, বিটিচিৰ নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য…
বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত বিজেপিয়ে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও আচৰিত হ’বলগীয়া কোনো কথা নাথাকিব। এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে, ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত বিজেপিয়ে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও আচৰিত হ’বলগীয়া কোনো কথা নাথাকিব। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত শান্তি নিশ্চিত কৰিবলৈ বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে মঙলদৈ উপস্থিত হোৱাৰ পাছতে সাংবাদিকৰ আগত তেওঁ কয়, “বিটিআৰ নিৰ্বাচনত এইবাৰ বিজেপিয়ে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূৰ্বতে তাত থকা দুটা প্ৰধান দল আছিল ইউপিপিএল আৰু বিপিএফ আৰু বিজেপি এটা সৰু দল আছিল।”
“কিন্তু এইবাৰ মই ভাবো যে বিটিচিৰ নিৰ্বাচনত বিজেপিয়ে যি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰিছে, আমি যদি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰোঁ তেন্তে তাত আচৰিত হ’বলগীয়া কোনো কথা নাথাকিব।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।
উল্লেক্য যে, ২২ ছেপ্টেম্বৰত ৪০ খন পৰিষদীয় আসনৰ বাবে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ২৬ ছেপ্টেম্বৰত ভোটগণনা গ্ৰহণ কৰা হ’ব। বিজেপিয়ে এইবাৰ বিটিচিৰ ৩২ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পূৰ্বে বিটিআৰত ব্যাপক প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “বিজেপিয়ে বিটিআৰত স্থায়ী শান্তিৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।”
বিগত বিটিচি নিৰ্বাচনত ইউপিপিএলে ১২খন, বিজেপিয়ে ৯খন আৰু গণ সুৰক্ষা পাৰ্টিয়ে ১ খন আসন লাভ কৰিছিল। পূর্বৰ নির্বাচনত ১৭ খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল বিপিএফে। পাছত বিটিচিত কংগ্ৰেছৰ অকলশৰীয়া সদস্যজনে বিজেপিত যোগদান কৰিছিল।
ইউ পি পি এল আৰু বিজেপিৰ লগতে ৰাজ্য চৰকাৰৰ তৃতীয় মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদে বিটিচি নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল।