আমাৰ দৰে কোনো চৰকাৰে ১ লাখ চাকৰিৰ ব্যৱস্থা কৰা নাছিল, অহা বছৰৰ ভিতৰত আৰু ৫০ হাজাৰ নিযুক্তি : হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাবী কৰে যে, স্বাধীনতাৰ পাছত কোনো এখন চৰকাৰে ইমান সংখ্যক যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা নাছিল । ২৩,৯৫৬জন ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠানত ভাষণ দি শৰ্মাই কয় যে, অহা বছৰৰ ভিতৰত চৰকাৰে আৰু ৫০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়াৰ বাবে চেষ্টা কৰিব।
নিজৰ কাৰ্যকালত এক লাখ নিযুক্তি প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাবী কৰে যে, স্বাধীনতাৰ পাছত কোনো এখন চৰকাৰে ইমান সংখ্যক যুৱক-যুৱতীক চাকৰি প্ৰদান কৰা নাছিল । ২৩,৯৫৬জন ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠানত ভাষণ দি শৰ্মাই কয় যে, অহা বছৰৰ ভিতৰত চৰকাৰে আৰু ৫০ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়াৰ বাবে চেষ্টা কৰিব।
তেওঁ কয়, “আজিৰ নিযুক্তিৰ পূৰ্বে আমি ১,০০,৩৮৯ জন যুৱক-যুৱতীক চাকৰি দিছো, যিয়ে আমাৰ এক লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে। আজিৰ নিযুক্তিৰ সংখ্যা যোগ কৰিলে ২০২১ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে ১,২৪,৩৪৫ জন যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে ।” উল্লেখ্য যে, বিজেপিয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অসমত প্ৰতি বছৰে এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছত সংশোধন কৰি এই প্ৰতিশ্ৰুতি পাঁচ বছৰীয়া কৰে ।
খানাপাৰা নিযুক্তি সমাৰোহত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “স্বাধীনতাৰ ৭৮ বছৰত কোনো এখন চৰকাৰে নিদিষ্ট সময়ত এক লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল। আমাৰ চৰকাৰে এই পৰ্যায় অতিক্ৰম কৰিলে আৰু ভৱিষ্যতে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছো।” অহা বছৰৰ ভিতৰত শিক্ষা আৰু আৰক্ষীৰ দৰে বিভিন্ন বিভাগত আৰু ৫০ হাজাৰ নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰা হ’ব প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ লগতে এই কথাও উল্লেখ কৰে যে,নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো চৰকাৰী কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ সুবিধা লাভ কৰিব । ইয়াৰ পাছত ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা এই ব্যৱস্থা ইউনিফাইড পেঞ্চন আঁচনি (UPS)ত পৰিণত হ’ব। দৰমহাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, শিক্ষক যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ শিক্ষকসকলক দৰমহা দিয়াৰ বাবে ৰাজ্যখনে প্ৰতি বছৰে ২০০০ কোটি টকা ব্যয় কৰে । এই পৰিমাণ প্ৰতি বছৰে বৃদ্ধি পাইছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
কংগ্ৰেছৰ দিনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,”যেতিয়া মই শিক্ষামন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ২০১২ চনত টেট শিক্ষকক নিযুক্তি দিছিলো, তেতিয়া মোৰ ৰাজনৈতিক সমৰ্থন নাছিল আৰু মোৰ নিজৰ চৰকাৰে মোক সমালোচনা কৰিছিল।” ইয়াৰ লগতে শিক্ষা বিভাগে অতি সোনকালে সমগ্ৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ বাবে ৬ হাজাৰ পদত অনুমোদন দিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।