5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিয়মীয়া হ’ল ৰাজ্যৰ প্ৰায় ২৪ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি, কাইলৈ খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া কৰা হ'ল ৰাজ্যৰ ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি । অহা ২ ছেপ্টেম্বৰত খানাপাৰাত আয়োজিত নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব । উল্লেখ্য যে, এই নিয়মীয়া নিযুক্তিৰ বাবে যোৱা ৫ আগষ্টত বিজ্ঞাপন প্ৰকাশ কৰিছিল শিক্ষা বিভাগে । এই বিজ্ঞাপৰ আধাৰতে শিক্ষক সকলক প্ৰদান কৰা নিযুক্তি পত্ৰ ।

নিয়মীয়া হ’ল ৰাজ্যৰ প্ৰায় ২৪ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি, কাইলৈ খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে
২ ছেপ্টেম্বৰত প্ৰায় ২৪ হাজাৰ ঠিকাভিত্তিক শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ
Follow Us
manas-borah
Manas Borah | Updated On: 01 Sep 2024 13:12 PM

দীৰ্ঘদিনীয়া দাবী আৰু অপেক্ষাৰ অন্তত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে আহিল সুখবৰ । অৱশেষত নিয়মীয়া কৰা হ’ল ৰাজ্যৰ ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি । অহা ২ ছেপ্টেম্বৰত খানাপাৰাত আয়োজিত নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব । উল্লেখ্য যে, এই নিয়মীয়া নিযুক্তিৰ বাবে যোৱা ৫ আগষ্টত বিজ্ঞাপন প্ৰকাশ কৰিছিল শিক্ষা বিভাগে । এই বিজ্ঞাপৰ আধাৰতে শিক্ষক সকলক প্ৰদান কৰা নিযুক্তি পত্ৰ ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘২ ছেপ্টেম্বৰ দিনটো আমাৰ বাবে এক প্ৰাপ্তিৰ দিন । ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকাৰ অৱস্থাত সৰ্বশিক্ষা অভিযানত বহু শিক্ষকক নিযুক্তি দিয়া হৈছিল । প্ৰায় ৩৫ হাজাৰ শিক্ষকে এতিয়া সৰ্বশিক্ষা অভিযানত কাম কৰি আছে ।’ ইয়াৰ লগতে এই শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণক লৈ উত্থাপিত প্ৰশ্নসমূহক লৈয়ো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বহু সময়ত বহুলোকে প্ৰশ্ন কৰিছিল যে, তেওঁলোকৰ চাকৰি নাথাকিব, তেওঁলোকৰ চাকৰি গুচি যাব । কিন্তু ২০১১-১২ চনৰ পৰা এনেকুৱা বিতৰ্কই আমাৰ সমাজত প্ৰভাৱিত কৰি আহিছে ।’ অহা ২ ছেপ্টেম্বৰ তাৰিখে যোগ্য বুলি বিবেচিত প্ৰায় ২৪ হাজাৰ শিক্ষকক চৰকাৰৰ আওতালৈ অনা হ’ব । অৰ্থাৎ তেওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

চৰকাৰৰ আওতালৈ অহা এই শিক্ষকৰ সকলে আন চৰকাৰী শিক্ষকৰ দৰে সকলো সুবিধা লাভ কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয়, ‘এই শিক্ষক সকলে নতুন পেঞ্চন আঁচনিৰ সকলো সুবিধা লাভ কৰিব আৰু জীৱনৰ নিৰাপত্তা নিশ্চিত হ’ব ।’ অহা ২ ছেপ্টেম্বৰ সকলো যোগ্য শিক্ষকক খানাপাৰালৈ আহি নিযুক্ত পত্ৰ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Latest News