শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰেহাই দিয়া নহ’ব কোনো বিদেশীক, অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ বিচাৰি উলিওৱা হ’ব অবৈধ বিদেশী নাগৰিকক । এই কাম ক্ষিপ্ৰতাৰে কৰিব প্ৰশাসনে । এই কথা স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰেহাই দিয়া নহ’ব কোনো বিদেশীক, অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 31 May 2025 09:53 AM

বিদেশী ঘোষিত কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ বিচাৰি উলিওৱা হ’ব অবৈধ বিদেশী নাগৰিকক । এই কাম ক্ষিপ্ৰতাৰে কৰিব প্ৰশাসনে । এই কথা স্পষ্ট কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে,ৰাজ্যত বিদেশী ধৰা পেলোৱাৰ কাম ক্ষিপ্ৰতাৰে কৰা হ’ব আৰু ঘোষিত বিদেশী নাগৰিকৰ বিৰুদ্ধে আইন অনুসৰি গ্ৰহণ কৰা হ’ব ব্যৱস্থা।

বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পথ খোলা আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, “উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ত যিসকল লোকৰ আবেদন বিচাৰধীন হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, কিন্তু যিসকলে ন্যায়ালয়ত আপীল কৰা নাই তেওঁলোকক বিতাড়ন কৰা হ’ব।”

শেহতীয়াকৈ আৰক্ষী অধীক্ষকৰ বৈঠকত ৰাজ্যত ক্ষিপ্ৰতাৰে বিদেশী ধৰা পেলোৱাৰ বাবে সিদ্ধান্ত লোৱা বুলিও তেওঁ জানিবলৈ দিছে । “ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে বিদেশী ধৰা পেলোৱাৰ কাম সাময়িকভাৱে স্থগিত ৰখা হৈছিল যদিও এতিয়া আমি এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ সিদ্ধান্ত লৈছো।” এইদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

কিছুদিন পূৰ্বে মেঘালয় আৰু অসমৰ শিলচৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ৩৫ জন বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক বিতাড়ন কৰা হৈছে বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্রীয়ে আঙুলিয়াই দিয়ে যে, ন্যায়াধিকৰণে বিদেশী নাগৰিক বুলি ঘোষণা কৰা কোনো ব্যক্তিয়ে যদি আদালতত প্ৰত্যাহ্বান জনায়, তেন্তে তেওঁলোকৰ অসমত থকাৰ অধিকাৰ কাঢ়ি লোৱা হ’ব।

তেওঁ লগতে কয়, “এই সকলোবোৰ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল আৰু আমি আইন অনুসৰি কাম কৰি আছো। যদি ন্যায়পালিকাই স্থগিতাদেশৰ আদেশ দিছে তেন্তে আমি ইয়াক সন্মান কৰো কিন্তু যদি কোনো আদেশ নাথাকে তেন্তে তেওঁলোকক বিতাৰিত কৰা হ’ব।” যিসকলক বিদেশী ঘোষণা কৰা হৈছে তেওঁলোকক বিতাৰিত কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ আছে বুলিও তেওঁ কয় ।

উচ্চতম ন্যায়ালয়ত নিজৰ গোচৰ বিচাৰাধীন বুলি দাবী কৰা এগৰাকী প্ৰাক্তন বিদ্যালয় শিক্ষকৰ গোচৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যদি কোনো গোচৰ চলি আছে তেন্তে তেওঁলোকে আৰক্ষীৰ সন্মুখত আদেশ দাখিল কৰিব লাগিব আৰু যিসকলৰ আদালতৰ নিৰ্দেশ আছে তেওঁলোকক থাকিবলৈ দিয়া হ’ব। তেওঁ দাবী কৰে যে, বিদেশী ঘোষণা কৰাৰ পিছত ৩০ হাজাৰ লোক নিৰুদ্দেশ হৈছে । কিন্তু যদি তেওঁলোকক ক’ৰবাত বিচাৰি পোৱা যায় তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

 

লগতে পঢ়ক : পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ ৩১ মে’ৰ দিনটোৰ ঘটনা পৰিঘটনা…

লগতে পঢ়ক : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…