শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’লে নিৰ্মলা সীতাৰমণে, যুৱ উদ্যোগীৰ সৈতে মত বিনিময়

ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত উপস্থিত হৈ নিৰ্মলা সীতাৰমণে এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰা বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰকল্পটোৰ সম্ভাৱ্য অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে।

টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’লে নিৰ্মলা সীতাৰমণে, যুৱ উদ্যোগীৰ সৈতে মত বিনিময়
ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন নিৰ্মলা সীতাৰমণৰImage Credit source: X/Nirmala Sitharaman Office
monjit-dutta
Monjit Dutta | Updated On: 07 Nov 2025 17:42 PM

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। অসম ভ্ৰমণৰ সময়ছোৱাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে বিভিন্ন কাৰ্যসূচীত অংশ ল’ব। আজি গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী জাগীৰোডলৈ ৰাওনা হয় আৰু জাগীৰোডত নিৰ্মীয়মাণ অৱস্থাত থকা টাটা ছেমিকণ্ডাকটৰ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে টাটা গ্ৰুপে স্থাপন কৰা ৰাজ্যৰ এই প্রথমটো ছেমিকণ্ডাক্টৰ এচেম্বলী এণ্ড টেষ্ট প্রকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

বিত্তমন্ত্ৰী কাৰ্যালয়ে এক এক্স পোষ্ট যোগে নিৰ্মলা সীতাৰমণৰ এই ভ্ৰমণ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত উপস্থিত হৈ নিৰ্মলা সীতাৰমণে এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰা বিষয়াসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰকল্পটোৰ সম্ভাৱ্য অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ত আলোকপাত কৰে।

 

এই প্ৰকল্পই ভাৰতৰ ক্ৰমবৰ্ধমান ছেমিকণ্ডাক্ট উৎপাদনৰ ক্ষেত্ৰখনত অসমক এক উল্লেখযোগ্য স্থান প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠিলে দৈনিক ৪.৮ কোটি চিপ উৎপাদন কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটোৱে সহস্ৰাধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলিও বিষয়াসকলে উল্লেখ কৰিছে।

জাগোৰোডত বিত্তমন্ত্ৰীগৰাকীয়ে লগতে ‘Enterprise Assam – Viksit Bharat 2047’ শীৰ্ষক এক মত বিনিময় অনুষ্ঠানতো অংশ লয়। এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ষ্টাৰ্টআপ আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে।

 

এই ভ্ৰমণকালৰ সময়ছোৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা, উদ্যোগ মন্ত্ৰী বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমক সংগ দিয়ে৷