‘বন্দে মাতৰম’ গীতটিয়ে এসময়ত এটা শুই থকা জাতিক জগাই তুলিছিল: মুখ্যমন্ত্ৰী
বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্র পাল, ভগত সিং, নেতাজী সুভাষ চন্দ্র বসুৰ দৰে বিপ্লৱীসকলে এই অমৰ সংগীতৰ জ্যোতিক আগুৱাই লৈ যোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰালৈ এই গীতটি ভাৰতৰ আত্মাৰ কণ্ঠস্বৰ হৈ পৰিছিল।
ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম্’ ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে আজি পুৱা জনতা ভৱনত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতে মূল ৰূপত ‘বন্দে মাতৰম’ সমূহীয়া পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, “আমাৰ আদৰৰ ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ এই দিনটো আমাৰ বাবে গৌৰৱৰ আৰু কৃতজ্ঞতাৰ দিন।” তেওঁ কয় যে, আজি দেশবাসীয়ে সেই পৱিত্ৰ গীতটিক সমস্বৰে পৰিৱেশন কৰিছে, যি এসময়ত এটা শুই থকা জাতিক জগাই তুলিছিল, সাহসৰ অমৃত-সুধাৰে সঞ্জীৱিত কৰি দেশবাসীৰ মনে-প্রাণে স্বাধীনতাৰ দুৰ্জেয় সপোন সিঁচি দিছিল।”
মুখ্যমন্ত্রী ড° শর্মাই কয় যে, ১৮৯৬ চনত কলিকতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমবাৰৰ বাবে ‘বন্দে মাতৰম্’ গাইছিল, তেতিয়া উপস্থিত সকলোৰে হৃদয় শ্রদ্ধা আৰু ভক্তিত উথলি উঠিছিল। তেওঁ কয় যে ১৯০৫ চনৰ বংগ বিভাজনৰ সময়লৈ এই গীতটো স্বদেশী আন্দোলনৰ ‘থীম ছঙ’ৰ দৰে হৈ পৰিছিল বুলি কয় মুখ্যমন্ত্ৰীয়ে।
বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্র পাল, ভগত সিং, নেতাজী সুভাষ চন্দ্র বসুৰ দৰে বিপ্লৱীসকলে এই অমৰ সংগীতৰ জ্যোতিক আগুৱাই লৈ যোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰালৈ এই গীতটি ভাৰতৰ আত্মাৰ কণ্ঠস্বৰ হৈ পৰিছিল। সেই আত্মাৰ অবিচ্ছেদ্য প্রতীক হিচাপেই ১৯৫০ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে ‘বন্দে মাতৰম্’ক ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা প্রদান কৰিছিল বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্রীয়ে কয় যে, মুঠ ৬ টা স্তৱকত লিখিত মূল ‘বন্দে মাতৰম্’ গীতটিৰ মাথোঁ প্রথম দুটা স্তৱকহে আমাৰ মাজত বহুলভাৱে প্ৰচলিত আৰু ৰাষ্ট্ৰীয় গীত হিচাপে আমি তাকহে সততে পৰিৱেশন কৰোঁ। গীতটিৰ ১৫০ তম্ বার্ষিকী উদ্যাপনৰ এই বছৰটোত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা ‘বন্দে মাতৰম’ গীতটিৰ সম্পূৰ্ণ কথাংশক মূল ৰূপত পৰিৱেশনৰ বাবে প্রচেষ্টা হাতত ল’বলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।
যোৱা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই ঐতিহাসিক গীতৰ ১৫০ তম বার্ষিকী স্মৰণৰ বাবে সমগ্র দেশতে বছৰজোৰা উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে “বন্দে মাতৰম ১৫০” শীর্ষক এই উদযাপন ২০২৬ চনৰ ৭নৱেম্বৰলৈ চলি থাকিব। এই সময়ছোৱাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ লগতে ৰাজ্যৰো প্ৰতিখন জিলা তথা সমজিলাতে ‘বন্দে মাতৰমৰ গণ আবৃত্তি, সংগীত প্রদর্শনী, আৰক্ষী বেণ্ডৰ পৰিৱেশন আৰু শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি তেওঁ অৱগত কৰে।
ৰাষ্ট্ৰীয় গীত “বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ আজিৰ এই ঐতিহাসিক ক্ষণত আকৌ এবাৰ সমস্বৰে ‘বন্দে মাতৰম্’ গাই, আমাৰ জাতিৰ ঐক্য আৰু অখণ্ডতাক সুৰক্ষিত ৰখাৰ, দেশৰ স্বাধীনতা, সত্য আৰু ন্যায়ৰ আদৰ্শক আগুৱাই নিয়াৰ আৰু স্বদেশী ভাবাদর্শক জীৱনৰ ব্ৰত হিচাপে লোৱাৰ বাবে পুনৰবাৰ দৃঢ়তাৰে প্ৰতিজ্ঞাবদ্ধ হ’বলৈ মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায়।