শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৫০ হাজাৰৰ পৰা ডেৰলাখ টকা দৰত বিক্ৰী কৰে শিশু! তিনিচুকীয়াত শিশু সৰবৰাহ চক্ৰৰ ভয়ংকৰ জাল

ৰাজ্যৰ আৰ্থিকভাৱে পিছপৰা চাহ শ্ৰমিকৰ শিশুক লক্ষ্য কৰি গোপনে মানৱ সৰবৰাহৰ বেপাৰ চলাই আহিছে এটা চক্ৰই। শেহতীয়াকৈ পেঙেৰী থানাৰ অন্তৰ্গত দুৱাৰমৰা চিংফৌ চাহ বাগিচাৰ পৰা তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। গ্ৰেপ্তাৰ ছজনক।

৫০ হাজাৰৰ পৰা ডেৰলাখ টকা দৰত বিক্ৰী কৰে শিশু! তিনিচুকীয়াত শিশু সৰবৰাহ চক্ৰৰ ভয়ংকৰ জাল
প্ৰতীকী ছবিImage Credit source: Anuwar Hazarika/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Published: 07 Nov 2025 15:49 PM

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলত পোহৰলৈ আহিছে গোপনে মানৱ সৰবৰাহ চলি থকাৰ এক চাঞ্চল্যকৰ তথ্য। চাহ শ্ৰমিক পৰিয়ালৰ এগৰাকী প্ৰায় আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰটোৱে আৰ্থিকভাৱে দুৰ্বল চাহ বাগিচাৰ শ্ৰমিকৰ নাবালক-নাবালিকাক লক্ষ্য কৰি এটা চক্ৰই মানৱ সৰবৰাহৰ নেটৱৰ্ক চলাই থকাৰ ঘটনাক উন্মোচন কৰিছে।

শেহতীয়াকৈ পেঙেৰী থানাৰ অন্তৰ্গত দুৱাৰমৰা চিংফৌ চাহ বাগিচাৰ পৰা তিনিগৰাকী কিশোৰীক উদ্ধাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় সদস্যই প্ৰদান কৰা তথ্যৰ ভিত্তিত গাঁওবাসীয়ে যোৱা ৪ নৱেম্বৰত কিশোৰীকেইগৰাকীক নিবলৈ অহা এখন ৱেগনআৰ বাহন ঘেৰাও কৰে। ডুমডুমা তপোবানৰ দিপক ফুকন নামৰ চালকজনক আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে।

আৰক্ষীৰ জেৰাত ধৃত ফুকনে স্বীকাৰ কৰে যে দুজন সৰবৰাহকাৰী পিটাৰ সোনা আৰু উমাকান্ত চেত্ৰী ওৰফে টিকেই তেওঁক ৮ হাজাৰ টকা দি ছোৱালীকেইজনীক লখিমপুৰ জিলাৰ হাৰমতিলৈ লৈ যাবলৈ কৈছিল। চাহ জনগোষ্ঠীয় সংগঠনৰ নেতা বুলি দাবী কৰি দুই সৰবৰাহকাৰীয়ে উন্নত সংস্থাপনৰ ভুৱা প্ৰতিশ্ৰুতি দি চাহ শ্ৰমিকৰ পৰিয়ালক প্ৰলোভিত কৰি অহা বুলি জানিব পৰা গৈছে।

অধিক তদন্তত প্ৰকাশ পাইছে যে পিটাৰ সোনাই দীৰ্ঘদিন ধৰি চাহ বাগিচাৰ পৰা আন ৰাজ্যলৈ কণমানি ছোৱালী আৰু মহিলাক সৰবৰাহ কৰি ৫০ হাজাৰৰ পৰা ১.৫ লাখ টকাৰ ভিতৰত বিক্ৰী কৰিছিল।

আৰক্ষীৰ সূত্ৰই নিশ্চিত কৰিছে যে প্ৰায় পাঁচ মাহ পূৰ্বে পিটাৰ সোনা আৰু তেওঁৰ সহযোগী টিকেই প্ৰতাৰণামূলকভাৱে ফিল’বাৰীৰ চাহ বাগিচাৰ এটি শ্ৰমিক দম্পতীৰ এগৰাকী আঠ বছৰীয়া কন্যাক লৈ গৈ অসমৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী কৰিছিল।

প্ৰথমে সৰবৰাহকাৰীয়ে দম্পতীটোক ৫০ হাজাৰ টকা দি ভিডিঅ’ ৰেকৰ্ডিং কৰে যদিও পিছত টকাখিনি ঘূৰাই লৈ শিশুটিৰ সৈতে অন্তৰ্ধান হৈ পৰে। নাবালিকাগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে। কিশোৰীগৰাকী আন ৰাজ্যৰ কোনো সৰবৰাহকাৰীৰ জিম্মাত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে।

এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে ছজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হৈছে উমাকান্ত চেত্ৰী, পিটাৰ চকাৰিয়া, ৰোহিত খাদল, অজিত মুণ্ডা, দিপক ফুকন আৰু প্ৰধান অভিযুক্ত পিটাৰ সোণাৰ পত্নী ববী দেউৰী। অৱশ্যে সৰবৰাহৰ চক্ৰৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰা পিটাৰ সোনা এতিয়াও পলাতক হৈ আছে।

পিটাৰ সোনাক গ্ৰেপ্তাৰ কৰি সমগ্ৰ নেটৱৰ্ক ভাঙি পেলোৱাৰ বাবে পেঙেৰী আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। বিষয়াসকলৰ মতে, উজনি অসমৰ কেইখনো চাহ বাগিচাত সক্ৰিয় হৈ থকা এই চক্ৰটোৱে যোৱা কিছু বছৰত একাধিক নাবালক-নাবালিকাক সৰবৰাহ কৰিছিল। নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তেওঁলোকৰ কন্যাক নিৰাপদে ঘূৰাই আনিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি ক্ষোভৰ সৃষ্টি কৰিছে।