শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশত বন্ধ হ’ব একাধিক বেংক! কি ক’লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়া মতে এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অন্যান্য বেংকৰ সৈতে আলোচনাৰ অন্তত বৃহত্তৰ প্ৰতিষ্ঠান এটা গঢ়ি তোলা তথা সেই প্ৰতিষ্ঠানটোৰ বাবে নিয়ন্ত্ৰণ কাঠামো গঢ়ি তোলাত গুৰুত্ব দিয়া হ’ব।

দেশত বন্ধ হ’ব একাধিক বেংক! কি ক’লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
নিৰ্মলা সীতাৰমণImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 07 Nov 2025 19:41 PM

বিশ্ব মঞ্চত দেশৰ অর্থনীতি সবল কৰি তোলাৰ উদ্দেশ্যে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে চৰকাৰী বেংক একত্ৰীকৰণৰ লগতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ কাম আৰম্ভ হৈছে। দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতক একাধিক বৃহৎ আৰু বিশ্বমানৰ বেংকৰ প্ৰয়োজন বুলিও উল্লেখ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পূৰ্বে ২০২০ চনত কেইবাটাও বেংক একত্ৰীকৰণ হৈছিল। সেই সময়ত ১০টা চৰকাৰী বেংক একত্ৰিত কৰি ৪টা বৃহৎ বেংক গঠন কৰা হৈছিল। অৱশ্যে এইবাৰ এই প্ৰক্ৰিয়া কেৱল সৰল একত্ৰীকৰণতে সীমাবদ্ধ নাথাকিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভতো তথ্য প্ৰকাশ কৰিছে।

নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়া মতে এইবাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অন্যান্য বেংকৰ সৈতে আলোচনাৰ অন্তত বৃহত্তৰ প্ৰতিষ্ঠান এটা গঢ়ি তোলা তথা সেই প্ৰতিষ্ঠানটোৰ বাবে নিয়ন্ত্ৰণ কাঠামো গঢ়ি তোলাত গুৰুত্ব দিয়া হ’ব।

চৰকাৰে কিদৰে কাম কৰিব?

ইতিমধ্যে এই বিষয়ত আলোচনা আৰম্ভ হৈছে বুলি নিৰ্মলা সীতাৰমণে নিশ্চিত কৰিছে। তেওঁ কয়, “আমি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অন্যান্য চৰকাৰী বেংকৰ সৈতে আলোচনাত বহিম। তেওঁলোকে কিদৰে আগুৱাই নিব বিচাৰে সেই বিষয়ে আমি কথা পাতিম।” বেংকসমূহে কেৱল বৰ্তি থকাই নহয়, বৰ্তি থকাৰ পৰিৱেশ সৃষ্টিও চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ বিপৰীতে বেংকে নিজৰ ব্যৱসায় ব্যাপকভাৱে বৃদ্ধি কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰতো আলোকপাত কৰে। বিশ্বৰ অৰ্থনৈতিক অস্থিৰতা, বিনিময় হাৰ আৰু বিশ্বৰ মুদ্ৰাস্ফীতিৰ বাবে অনিশ্চয়তা এতিয়া দৈনিক পৰিঘটনা হৈ পৰিছে।

এই প্ৰত্যাহ্বানৰ সন্মুখত বেংকলৈ নগদ ধনৰ প্ৰবাহ বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰিছে। সেয়ে আৰ্থিক অনুশাসন বজাই ৰাখি দেশৰ উন্নয়নৰ লক্ষ্য অক্ষুণ্ণ ৰখা হৈছে। অৰ্থনীতিলৈ স্থিতিস্থাপকতা অনা সংস্কাৰৰ গতি অব্যাহত ৰাখিব লাগিব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে। এই নতুন পদক্ষেপে অনাগত দিনত ভাৰতৰ বেংকিং ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে বুলি অনুমান কৰা হৈছে।