শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বঙাইগাঁৱৰ জনতাৰ পৰা লাখ লাখ টকা লুটি পলায়ন দুটাকৈ বিত্তীয় প্ৰতিষ্ঠানৰ…

এইবাৰ বঙাইগাঁৱৰ পৰা পোহৰলৈ আহিছে বিত্তীয় খেলিমেলিৰ ঘটনা। জানিব পৰা মতে, দুটাকৈ বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকৰ পৰা লাখ লাখ টকা লুটি পলায়ন কৰে। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বঙাইগাঁৱৰ জনতাৰ পৰা লাখ লাখ টকা লুটি পলায়ন দুটাকৈ বিত্তীয় প্ৰতিষ্ঠানৰ…
বঙাইগাঁও
barasha-sarma
Barasha Sarma | Published: 23 Oct 2025 12:35 PM

বঙাইগাঁৱৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জনতাৰ পৰা কোটি কোটি টকা লুট কৰি পলায়ন জীৱন সাথী মাইক্ৰ ফাইনেন্স আৰু জীৱন সাথী গ্ৰামীণ নিধি লিমিটেড নামৰ দুটা বিত্তীয় প্ৰতিষ্ঠানৰ। অভিযোগ অনুসৰি, বিজেপিৰ বিধায়কসহ ১৪ গৰাকী লোকে যোৱা ৪ বছৰ ধৰি ৰাইজক বিভিন্ন প্ৰলোভন দি এনে লুণ্ঠন চলাই আহিছে।

দীৰ্ঘদিন ধৰি ঠগ-প্ৰৱঞ্চনাৰে ৰাইজৰ পৰা টকা লুটি অৱশেষত কাৰ্যালয়ত তলা মাৰি পলায়ন কৰে বিত্তীয় প্ৰতিষ্ঠান দুটাই। তথ্য অনুসৰি, বঙাইগাঁও চহৰৰ মাজমজিয়াত তথা চহৰৰ ষ্টেচন ৰোডৰ এটা অট্টালিকাৰ ওপৰত বিত্তীয় প্ৰতিষ্ঠান দুটাই কাৰ্যলয় খুলি ৰাখিছিল। প্ৰায় ৪ বছৰ ধৰি প্ৰতিষ্ঠান দুটাই বিভিন্ন আঁচনিৰ নামত জনতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। কিন্তু গ্ৰাহকৰ জমা ধন সময়মতে ঘূৰাই দিব নোৱাৰি অৱশেষত প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীসকলে পলায়ন কৰে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভদ্ৰেশ্বৰ বৰ্মন নামৰ এগৰাকী সচেতন ব্যক্তিয়ে। তেওঁৰ মতে, বঙাইগাঁৱৰ লগতে চিৰাং জিলাৰ ৰাইজে এই বিত্তীয় প্ৰতিষ্ঠান দুটা বহু টকা জমা থৈছিল। এই প্ৰতিষ্ঠান পৰিচালনাত মুঠ ১৪ গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী বিজনী সমষ্টিৰ বিজেপি দলৰ বিধায়ক আছে বুলিও উল্লেখ কৰে তেওঁ। ইফালে প্ৰতিষ্ঠানটোত দুই তিনিগৰাকী কৰ্মচাৰী অব্যাহতি লোৱাৰে পিছত বিত্তীয় লেনদেনৰ খেলিমেলি হয়। তেনে অৱস্থাত দুৰ্গা পূজাৰ দুদিন আগত কাৰ্যালয়ত তলা মাৰি পলায়ন কৰে পৰিচালন বিভাগৰ সঞ্চালক আৰু বিষয়ববীয়াসকলে।

ইয়াৰ মাজতে ৰাইজৰ মাজত হাহাকাৰ লাগে আৰু পৰিচালনা বিভাগৰ লোকক বিচাৰি চলাথ কৰে। জানিব পৰা মতে, সঞ্জয় কিৰ্তনীয়া আৰু ৰাজেন কলিতাই এই বিত্তীয় খেলিমেলি কৰা বুলি অভিযোগ উত্থাপন হৈছে। ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰী ৰাজেন কলিতাই জনতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। কিন্তু খেলিমেলিৰ পাছতে তেওঁ বঙাইগাও জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ পৰা বদলি হৈ দুধনৈৰ শাখাত যোগদান কৰে । এই ৰাজেন কলিতাই টাইটান কেপিটেল নামৰ অন্য এটা বিত্তীয় প্ৰতিষ্ঠানৰ নামত ৰাইজৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে পলায়ন কৰা বিত্তীয় প্ৰতিষ্ঠানৰ সঞ্চালক সঞ্জয় কীৰ্তনিয়াই ফোন যোগে জানিব দিয়া মতে সাধাৰণ জনাতাৰ জমা ধনৰ ম্যাদ উকলি যোৱা ধন প্ৰায় ৫০-৬০ লাখ টকা দিব আছে। লগতে বিভিন্ন ক্ষেত্ৰৰ লোকক প্ৰায় এক কোটি টকা ঋণ দিয়া হৈছে। সেই ধন ৰাইজৰ মাজত থকাত ৰিকোভাৰী কৰি লগা আছে বুলি জনায়। তেওঁ জনাই যে,কেইদিনমান পূৰ্বে ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা হৈছে। এই ধন জনতাক ঘূৰাই দিয়া হ’ব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

 

অন্য খবৰ পঢ়কঃ কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা, IED ৰ আশংকা….