জুবিন গাৰ্গ আছিল শিৱভক্ত, একাংশই তেওঁক নাস্তিক সজাই সনাতন ধৰ্ম দুৰ্বল কৰাৰ চেষ্টা কৰিছেঃ মুখ্যমন্ত্ৰী
Zubeen Garg Tattoo: জুবিন গাৰ্গ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, জুবিন গাৰ্গ শিৱভক্ত আছিল, কিন্তু একাংশ বাওঁপন্থীয়ে তেওঁক এতিয়া নাস্তিক সজোৱাৰ চেষ্টা কৰি আছে।

বৃহস্পতিবাৰে বঙাইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ দাবী কৰে যে, একাংশই জুবিনৰ চিনেমাৰ সংলাপ ব্যৱহাৰ কৰি নাস্তিক সজাব চেষ্টা কৰি আছে। ইয়াৰ দ্বাৰা সনাতন ধৰ্মক দুৰ্বল কৰাৰ চেষ্টা চলাই থকা হৈছে। বাওঁপন্থীসকলে এনে কাম কৰি আছে বুলি তেওঁ কয়।
শৰ্মাই কয় যে, “জুবিন গাৰ্গৰ যি আদৰ্শ, সেই আদৰ্শৰ বিপৰীতে আজি সকলো কাম হৈ আছে। জুবিনৰ শৰীৰত মহাদেৱৰ টেটু আছে। তেওঁ শিৱভক্ত আছিল। মোৰ জাতি নাই ধৰ্ম নাই কাঞ্চনজংঘা চিনেমাৰ সংলাপ। কিন্তু জুবিন গাৰ্গ আমাতকৈ বেছি শিৱভক্ত আছিল। ৰীতা চৌধুৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল কিমান শিৱক মানে। মোৰ লগতো জুবিনে পূজা কৰা বহু ফটো আছে। কিন্তু বাওঁপন্থীসকলে তেওঁক আজি নাস্তিক সজাই পেলাইছে”।
শৰ্মাই আৰু কয় যে, প্ৰকৃত জুবিন যাতে হেৰাই নাযায় তাৰ বাবে আজি বিজেপি ৰাজপথত নামিছে। যিসকলক জুবিনে নমতা অতিথি বুলি কৈছিল সেইসকলে আজি জুবিন ক্ষেত্ৰ ভিৰ কৰিছে। ইয়াৰ লগতে তেওঁ কয় যে, হিন্দু ধৰ্ম মতে জুবিন গাৰ্গৰ শেষকৃত হৈছে। কিন্তু মোৰ জাতি নাই ধৰ্ম নাই সংলাপ উলিয়াই বাঁওপন্থীয়ে সনাতন ধৰ্মক দুৰ্বল কৰাৰ চেষ্টা কৰি আছে।
শৰ্মাই প্ৰত্যাহ্বান জনাই কয় যে, আমাক দেখুৱাই দিয়ক জুবিনৰ জাতি নাছিল, ধৰ্ম নাছিল বুলি। চিনেমাৰ সংলাপ বাওঁপন্থীসকলে অপব্যৱহাৰ কৰিছে। ইয়াৰ দ্বাৰা উচ্ছেদ হ’বলগীয়া সকলক নিৰাপত্তা দিয়াৰ চেষ্টা কৰা হৈছে, ইয়াৰ দ্বাৰা জাতি-মাটি, ভেঁটি ৰক্ষা কৰাৰ চেষ্টা স্তিমিত কৰাৰ পৰিৱেশ ৰচনা কৰা হৈছে। বাওঁপন্থীৰ লগতে কংগ্ৰেছ, অখিল গগৈ আদিয়েও এনে চেষ্টা কৰি আছে বুলি শৰ্মাই কয়।
অন্য খবৰ পঢ়কঃ কোকৰাঝাৰৰ ৰে’লপথত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা, IED ৰ আশংকা….