শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈৰ অকাল বিয়োগ, কেনেকৈ মৃত্যু হ’ল শিৱসাগৰৰ যুৱতীগৰাকীৰ?

শিৱসাগৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈয়ে সাৱতি লয় অকাল মৃত্যুক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈৰ অকাল বিয়োগ, কেনেকৈ মৃত্যু হ’ল শিৱসাগৰৰ যুৱতীগৰাকীৰ?
কিশোৰীগৰাকীImage Credit source: news18assam
barasha-sarma
Barasha Sarma | Published: 27 May 2025 11:30 AM

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু। সোমবাৰে নিশা  যুৱতীগৰাকী অসম চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই সাৱতি লয় মৃত্যুক। অভিযোগ অনুসৰি, চৰম পন্থা গ্ৰহণ কৰিছে যুৱতীগৰাকীয়ে। মঙলবাৰে পোহৰলৈ অহা এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে নিশা খেলুৱৈগৰাকীয়ে বিহ পান কৰিছিল। লগে লগে পৰিয়ালৰ লোকে যুৱতীগৰাকীক হাস্পাতালত ভৰ্তি কৰাই যদিও তেওঁক মৃত্যুক সাৱতি লয়। খেলুৱৈগৰাকী শিৱসাগৰ দিচাংমুখ ৰংচাইৰ বাসিন্দা। জিমি দাসৰ মাতৃয়ে সন্দেহ কৰিছে যে প্ৰেমজনিত কাৰণতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাৰ পাছতে এতিয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। গতিকে ঘটনাৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীৰ।

উল্লেখ্য যে, কিছুমাহ পূৰ্বে এইগৰাকী খেলুৱৈ অসমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।  ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক কেইগৰাকীমান বহিৰাগত ব্যৱসায়ীয়ে আক্ৰমণক কৰা কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০২৪ চনৰ ১৩ আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীৰ ওপৰত আক্ৰমণৰ পিছতে স্থানীয় লোকসকলৰ মাজত ক্ষোভ বৃদ্ধি পাইছিল আৰু সাব্যস্ত হৈছিল তীব্ৰ প্ৰতিবাদ।

এই ঘটনাই ইমানেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে বিষয়টোত আলফা (স্বা) সোমাই পৰিছিল। অৱশেষত এই ঘটনা সন্দৰ্ভত মাৰোৱাৰী সমাজে খেলুৱৈগৰাকীক ক্ষমা খুজিছিল। ৩০ টা দল-সংগঠনৰ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিনিধিত্বত অনুষ্ঠিত হৈছিল এই সভা। আজি সেই কিশোৰীগৰাকীৰে মৃত্যুৰ খবৰ আহি পৰিছে। অৱশ্যে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ অসমীয়াক আক্ৰমণ, অসমীয়াৰ প্ৰতিবাদ, আলফা(স্বা)ৰ এন্ট্ৰি আৰু মাৰোৱাৰী সমাজৰ ক্ষমা…