শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সাংসদ পিতৃৰ VIP বাহন ব্যৱহাৰ, মেঘালয় আৰক্ষীৰ ৰোষত ৰকি পুত্ৰ তাঞ্জিল হুচেইন…

বিপদত সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰ তাঞ্জিল হুচেইন। পিতৃৰ গাড়ীক চাইৰেন বজাই গৈ থকা অৱস্থাতে আৰক্ষীেয়ে বাহন ৰখাই তাঞ্জিলৰ। লগতে বিহে জৰিমণা। মেঘালয়ত সংঘটিত এই ঘটনা।

সাংসদ পিতৃৰ VIP বাহন ব্যৱহাৰ, মেঘালয় আৰক্ষীৰ ৰোষত ৰকি পুত্ৰ তাঞ্জিল হুচেইন…
বিপদত ৰকি পুত্ৰ
barasha-sarma
Barasha Sarma | Updated On: 14 Nov 2025 08:07 AM

চুবুৰীয়া ৰাজ্য মেঘালয়ত বিপদত পৰিল সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰ তাঞ্জিল হুচেইন। পিতৃৰ ভি আই পি বাহনেৰে গৈ থকাৰ অৱস্থাতে আৰক্ষীয়ে গাড়ী ৰখাই তওঁক জৰিমণা বিহে। ইমানেই নহয়, আৰক্ষীয় আৱদ্ধ কৰি ৰাখে ৰকিবুল হুচেইনৰ বাহনখন। উল্লেখ্য যে, অসমৰ উপ-নিৰ্বাচনৰ সময়ত চৰ্চা লাভ কৰা তাঞ্জিল হুচেইন এইবাৰ মেঘালয় আৰক্ষীৰ ৰোষত পৰি চৰ্চালৈ আহিছে।

জানিব পৰা মতে, মেঘালয়ৰ ৰি-ভয় জিলাত ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইনৰ পুত্ৰৰ বাহনখন আৰক্ষীয়ে জব্দ কৰে। বৃহস্পতিবাৰে সাংসদ পুত্ৰ তাঞ্জিলে পিতৃৰ ভি আই পি বাহন লৈ মেঘালয়লৈ গৈছিল। পিতৃৰ ৰঙা লাইটযুক্ত VIP বাহনেৰে তেওঁ শ্বিলঙৰ পৰা গুৱাহাটীলৈ অহাৰ পথতেই ৰি-ভয় অঞ্চলত মেঘালয় আৰক্ষীয়ে তেওঁৰ গাড়ী ৰখায়। লগে লগে আৰক্ষীয়ে তেওঁৰ বাহনখন জব্দ কৰাৰ লগতে জৰিমণা বিহে। ৰি-ভয় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি এচ ৰাথোৰে ৰাজপথত আবদ্ধ কৰে বাহনখন।

ৰকিবুল হুচেইনৰ বিলাসী বাহনখনৰ নম্বৰ AS-02AM 6186। ৰঙা লাইটৰ অপ-ব্যৱহাৰ কৰা বাবে পুত্ৰই জৰিমণা ভৰিবলগীয়াত পৰে। উল্লেখ্য যে, সেই সময়ত বাহনখনত কেৱল ৰকি পুত্ৰ আৰু গাড়ীচালকজন আছিল। গতিকে সাংসদৰ অনুপস্থিতিত কেনেকৈ তেওঁ ৰঙা লাইটৰ ব্যৱহাৰ কৰিলে তাক লৈ আৰক্ষীয়ে প্ৰশ্ন কৰে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৰকি পুত্ৰৰ ভিআইপি কাণ্ড।

উল্লেখ্য যে, অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়ত চৰ্চাত আছিল সাংসদ ৰকিবুলৰ পুত্ৰ তাঞ্জিল হুচেইন। তেওঁ চামগুৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই সমষ্টিটোতে ২০০১ চনৰ পৰা বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰকিবুল হুচেইনে। কিন্তু পুত্ৰ এই নিৰ্বাচনত জয়ী হ’ব পৰা নাছিল। বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাৰ হাতত পৰাস্ত হোৱাৰ পাছত এতিয়া পুনৰ চৰ্চালৈ আহিছে তাঞ্জিল হুচেইন।

 

অন্য খবৰ পঢ়কঃ  শিক্ষা বিভাগত বৃহৎ নিযুক্তিৰ পৰা বিহাৰ নিৰ্বাচনৰ ভোট গণনালৈ, পুৱাৰ খবৰ…