শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: শিক্ষা বিভাগত বৃহৎ নিযুক্তিৰ পৰা বিহাৰ নিৰ্বাচনৰ ভোট গণনালৈ, পুৱাৰ খবৰ…

Morning News: শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ গৌৰৱ গগৈৰ আই এছ আই লিংক সন্দৰ্ভত মন্তব্য কৰে। তেওঁ পূৰ্বতে কৰা মন্তব্যত নিজৰ স্থিতি অটল ৰাখি। লগতে বহু অভিযোগ উত্থাপন কৰে।

Morning News: শিক্ষা বিভাগত বৃহৎ নিযুক্তিৰ পৰা বিহাৰ নিৰ্বাচনৰ ভোট গণনালৈ, পুৱাৰ খবৰ…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Updated On: 14 Nov 2025 07:26 AM

আজি ১৪ নৱেম্বৰ, ২০২৫।  প্ৰতিটি দিনেই আমাৰ চাৰিওফালে বহু খবৰ ঘূৰি ফুৰে। কিন্তু প্ৰতিটো খবৰৰ বিষয়ে জ্ঞাত হোৱা সহজ নহয়। গতিকে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. আজি শিশু দিৱস। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।
  2. ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তি। ৮ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অহা বছৰ আমি ২ লাখ চাকৰি দিম। ডিচেম্বৰত পুনৰ নিযুক্তি পত্ৰ দিয়া হ’ব”।
  3. বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ  কৰা হয়। ইয়াৰ ভিতৰত ‘অসমমালা’ৰ তৃতীয় সংস্কৰণত অনুমোদন জনায়। ইয়াৰ অধীনত ৰাজ্যত মুঠ ৮৮৩ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব ।
  4. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ গৌৰৱ গগৈৰ আই এছ আই লিংক প্ৰসংগ। শৰ্মাই কয় যে, গৌৰৱ গগৈয়ে কেতিয়াও পাকিস্তানক সমালোচনা কৰিব নোৱাৰে।
  5. আজি ঘোষণা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।  ৩৮খন জিলাৰ ৪৬টা কেন্দ্ৰত ভোটগণনা কৰা হ’ব। উল্লেখ্য যে, ২৪৩টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। গতিকে বিহাৰৰ শাসন কাৰ হাতলৈ যায় তাৰ ওপৰত চকু সকলোৰে।
  6. দিল্লীৰ বিস্ফোৰণৰ ঘটনাত সন্ত্ৰাসবাদী আক্ৰমণ বুলি গণ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, দিল্লী বিস্ফোৰণৰ সৈতে জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। কোনোৱে দ্বিতীয়বাৰৰ বাবে যাতে এনে সাহস নকৰে তাৰ বাবে দোষীক শাস্তি প্ৰদান কৰা হ’ব।
  7. ক্ষোভিত হৈ আছে ইৰাণৰ জনতা। শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত প্ৰায় ৯২ শতাংশ নাগৰিক অসন্তুষ্ট।

 

অন্য খবৰ পঢ়কঃ আজি শিশু দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…