ফণীভূষণৰ পত্নী নে আন কোনো? ২৬’ৰ নিৰ্বাচনত কোনে পাব বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব?
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে প্ৰতিটো দলে। ইয়াৰ মাজতে সাংসদ ফণীভূষণ চৌধুৰীয়ে নিৰ্বাচনৰ আসন সন্দৰ্ভত মন্তব্য কৰে। তেওঁ লগতে স্পষ্ট কৰে যে, এইবাৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে।
সমাগত অসম বিধানসভা নিৰ্বাচন। ইতিমধ্যে ইয়াক লৈ প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতিবাৰৰ দৰে এইবাৰো অসম গণ পৰিষদ (AGP) আৰু ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) মিত্ৰতাৰ দ্বাৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। কিন্তু বিজেপি আৰু অগপৰ মাজত এতিয়ালৈকে আসন ভাগ-বতৰা হোৱা নাই। সূত্ৰ অনুসৰি, আসন ভাগ-বতৰাৰ সময়ত দল দুটাৰ মাজত কিছু সমস্যাই দেখা দিব পাৰে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি বিভিন্ন মন্তব্য কৰে। তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে। চৌধুৰীয়ে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁৱত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰিব। এয়া ১০০ শতাংশ খাটাং। অৱশ্যে ফণীভূষণ চৌধুৰীয়ে বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা নকৰে। টিকট নাপাব পাৰে চৌধুৰীৰ পত্নী দ্বীপ্তিময়ী চৌধুৰীয়েও। প্ৰাৰ্থিত্ব সন্দৰ্ভত অগপ দলে সিদ্ধান্ত গ্ৰহণ কৰিব। পাৰদৰ্শিতাৰ ওপৰত দিয়া হ’ব ২০২৬ ৰ বাবে প্ৰাৰ্থিত্ব।
আসন ভাগ-বতৰা সন্দৰ্ভত চৌধুৰীয়ে কয় যে, বিজেপিৰ শক্তি অগপতকৈ বেছি। আসন ভাগ বতৰালৈ বিজেপিৰ লগত আলোচনা হৈ আছে। গতিকে পৰৱৰ্তী সময়ত সকলো স্পষ্ট হৈ পৰিব বুলি জনাই চৌধুৰীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৯০ খন আসন দাবী কৰা সন্দৰ্ভত চৌধুৰীয়ে কয় যে, আমি বৰ্তমান মিত্ৰতাত আৱদ্ধ হৈ আছো। কিন্তু আসন ভাগ-বতৰা এতিয়ালৈকে হোৱা নাই। প্ৰক্ৰিয়া জানুৱাৰী মাহত আৰম্ভ হ’ব।
তেওঁ আৰু কয় যে, বহুতে বহু সমষ্টি বিচাৰিব। কিন্তু কোনে প্ৰতিদ্বন্দ্বিতা কৰিব, কি দলৰ পৰা প্ৰাৰ্থী উঠিব সেয়া পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ হ’ব। যি সমষ্টিত যিটো দল শক্তিশালী সেই অনুসৰি আসন পাব লাগে। ৯০ খন আসন সন্দৰ্ভত চৌধুৰীয়ে কয় যে, যোৱা নিৰ্বাচনত স্পষ্ট হৈ পৰিছে যে বিজেপি অগপতকৈ বেছি শক্তিশালী। বৰ্তমান বিজেপিৰ প্ৰায় ৬০ জন আৰু অগপৰ ৯ জন বিধায়ক আছে। গতিকে ৯০ খন আসন বিচাৰিব নোৱাৰি। কিন্তু পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়ে আসন ভাগ হ’ব।
অন্য খবৰ পঢ়কঃ ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল! কোনে, ক’ত পালে নিযুক্তি? চাওক তালিকা…