ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল! কোনে, ক’ত পালে নিযুক্তি? চাওক তালিকা…
ৰাজ্যৰ প্ৰশাসনত ৰদ বদল। কেইবাখনো জিলা আয়ুক্তক সাল-সলনি কৰা হৈছ। কামৰূপ (মেট্ৰো)কে ধৰি কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী আদিৰ জিলা আয়ুক্ত সাল-সলনি কৰা হৈছে।
অসম আৰক্ষীImage Credit source: social media
ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল। কেইবাখনো জিলা আযুক্তৰ সাল-সলনি। নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকী বিষয়াক বদলি কৰাৰ বিপৰীতে নতুন ঠাইত নিযুক্তি প্ৰদান কৰা হৈছে। গতিকে কোন ঠাইলৈ কোনগৰাকী বিষয়া বদলি হৈছে, কি কি পৰিৱৰ্তন ঘটিল সকলো তলত উল্লেখ কৰা হ’ল-
- সুমিত সত্তৱন, আই এ এছ (আৰ আৰ ২০১৫), জিলা উপায়ুক্ত, কামৰূপ (এম)ৰ পৰা বদলি কৰি জিলা উপায়ুক্ত তিনিচুকীয়াত নিযুক্তি দিয়া হয়।
- আয়ুষ গাৰ্গ, আই এ এছ (আৰ আৰ ২০১৬), শিৱসাগৰ জিলা আয়ুক্তক বদলি কৰি কাছাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।
- মৃদুল যাদৱ, আই এ এছ ( আৰ আৰ ২০১৭) কাছাৰৰ জিলা আয়ুক্তক বদলি কৰি শিৱসাগৰৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।
- দিবাকৰ নাথ, আই এ এছ (আৰ আৰ ২০১৭) ক ধুবুৰীৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি বঙাইগাঁৱৰ জিলা আয়ুক্তি হিচাপে নিযুক্তি দিয়া হয়।
- স্বপনীল পল আই এ এছ (আ আৰ ২০১৮) তিনিচুকীয়া জিলা আয়ুক্তৰ পৰা বদলি কৰি কামৰূপ(ম)ৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।
- মচন্দা মগদালিন পাৰ্টিন আই এ এছ (আ আৰ ২০১৮) কোকৰাঝাৰৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি অসম চৰকাৰৰ বিত্ত বিভাগত জইন্ট চেক্ৰেটাৰী হিচাপে নিযুক্তি।
- চিমি কৰণ আই এ এছ (আৰ আৰু ২০২০)অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগক জইন্ট চেক্ৰেটাৰীৰ পৰা বদলি কৰি তামুলপুৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
- আৰনায়ক শইকীয়া আই এ এছ (আৰ আৰ ২০২০) ষ্টাফ অফ চিফ চেক্ৰেটাৰী,অসমৰ পৰা বদলি কৰি কাৰ্বি আংলঙৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
- পূবালী গোঁহাই এ চি এছ ( ডি আৰ ১৯৯৩) Secretary to the Govt. of Assam, Home & Political Department & Inspector General of Prisons, Assam (addl.)ৰ পৰা বদলি কৰি দৰঙৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
- নিৰলা ফাংচপি এ চি এছ (ডি আৰ ১৯৯৫)কাৰ্বি আংলঙৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি অসম চৰকাৰৰ হিল এৰিয়া বিভাগৰ এডিচনেল চেক্ৰেটাৰী হিচাপে নিযুক্তি।
- পুলক মহন্ত এ চি এছ (ডি আৰ ১৯৯৭) গোলাঘাট জিলা আয়ুক্তৰ পৰা বদলি কৰি ইন্সপেক্টৰ জেনেৰেল অফ প্ৰিজন হিচাপে নিযুক্তি।
- নৱদ্বীপ পাঠক এ চি এছ (ডি আৰ ১৯৯৭) বঙাইগাঁৱৰ জিলা আয়ুক্তৰ পৰা বদলি কৰি ধুবুৰীৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
- পৰাগ কুমাৰ কাকতি, এ চি এছ (ডি আৰ ১৯৯৯) দৰং জিলা আয়ুক্তৰ পৰা বদলি কৰি গোলাঘাটৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
- পকংজ চক্ৰৱৰ্তী এ চি এছ(ডি আৰু ২০০২) তামুলপুৰ জিলা আয়ুক্তৰ পৰা বদলি কৰিব কোকৰাঝাৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি।
অন্য খবৰ পঢ়কঃ আমেৰিকাত ভাৰতৰ ডাঙৰ পদক্ষেপ! লাভান্বিত হ’ব প্ৰায় ৫৩ লাখ ভাৰতীয়…