কি হৈছিল নিশা? গুৱাহাটীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, ওচৰৰ কোঠাত শুই আছিল পিতৃ…
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শোৱাপাটিত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ। জানিব পৰা মতে, ঘটনা সংঘটিত হোৱাৰ সময়ত ওচৰত শুই আছিল পিতৃ।

মহানগৰীৰ আদাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শোৱাপাটিতে মৃত্যুক সাৱতি ল’লে মাতৃ-কন্যাই। জানিব পৰা মতে, ওচৰৰ কোঠালিতে শুই আছিল যুৱতীগৰাকীৰ পিতৃ। কিন্তু অগ্নিকাণ্ডৰ বিষয়ে একো জানিব পৰা নাছিল। যেতিয়া পুৱা ওচৰ-চুবুৰীয়াই জুই দেখা পাই তেতিয়া সমগ্ৰ ঘটনা পোহৰলৈ আহে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আদাবাৰী তিনিআলিৰ কামাখ্যান নগৰৰ বৰুৱা ভৱনত।
জানিব পৰা মতে, বৃহস্পতিবাৰ (২৪ জুলাই)য়ে পুৱা অঞ্চলটোৰ স্থানীয় ৰাইজে কোঠালিৰ পৰা ধোৱা ওলাই থকা দেখা পায়। ধোৱাই আগুৰি ধৰিছিল সমগ্ৰ কোঠালিটো। সেই কোঠালিৰ ওচৰতে শুই আছিল পিতৃ সুব্ৰত চক্ৰৱৰ্তী। কিন্তু ঘটনাৰ বিষয়ে অৱগত নাছিল। হঠাতে ওচৰ-চুবুৰীয়াৰ চিঞৰ-বাখৰ শুনি পুৱা প্ৰায় ৫.৩০ বজাত কোঠালিৰ দুৱাৰ খোলে নিদ্ৰাৰত পিতৃয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
কিন্তু তেতিয়ালৈকে মৃত্যু হয় মাতৃ-কন্যাৰ। মৃত কন্যা সৰ্মিস্তা চক্ৰৱৰ্তী (২৯বছৰ) ওৰফে পূজা আৰু মাতৃ দ্বীপশিখা চক্ৰৱৰ্তী (৫৫বছৰ) বুলি চিনাক্ত হৈছে। ঘটনা সন্দৰ্ভত পিতৃয়ে উল্লেখ কৰা অনুসৰি, কালি নিশা তিনিও একেলগে আহাৰ গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ নিজৰ কোঠালৈ শুব আহিছিল।
সুব্ৰত চক্ৰৱৰ্তীৰ মতে, কাছুৱা (মহ খেদা)ৰ পৰা জুইৰ সূত্ৰপাত হৈছিল। তাৰ পাছতে গাৰু আৰু তুলিত জুই লাগি চাৰিওফালে বিয়পি পৰে। বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিক, দণ্ডাধীশ। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত দুয়োটা মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।
উদ্ধাৰ হোৱা মৃতদেহ দুটা অগ্নিদগ্ধ অৱস্থাত আছে যদিও মৃতদেহটোত কিছুমান আঘাতৰ চিন স্পষ্ট হৈ আছে। ইয়াৰোপৰি সম্পূৰ্ণৰূপে জ্বলি যোৱা নাই মৃতদেহ দুটা। শৰীৰৰ ৫-১০ শতাংশহে জ্বলি গৈছে। গতিকে এয়া কোনো হত্যাকাণ্ড হ’ব পাৰে বুলিও সন্দেহ কৰা হৈছে। ইফালে একাংশই সন্দেহ কৰিছে যে ইমান ভয়ংকৰ ঘটনা হোৱাৰ পিছতো একেটা বাসগৃহতে থকা স্বামীয়ে ঘটনাটোৰ বিষয়ে গম নাপায়।
ইয়াৰোপৰি আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা মোবাইল আৰু টেবলেট উদ্ধাৰ কৰিছে। এই দুটাও ফৰেনচিকে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড তাক লৈ এতিয়াও ৰহস্যৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ থাইৰয়ডৰ সমস্যা হ’লে কি কি খাব লাগে, কি নালাগে, জানক সকলো…