আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি, হৰিনামেৰে মুখৰিত হ’ব ৰাজ্যৰ চৌদিশ…
আজি মহাপুৰুষৰ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। এই উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ আদিত নাম-কীৰ্তনৰ আয়োজন কৰা হৈছে। হৰিনামেৰে মুখৰিত হ'ব আজি ৰাজ্যৰ চৌদিশ।

আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ আদিত নাম-কীৰ্তনৰ আয়োজন কৰা হৈছে। আজি হৰিনামেৰে মুখৰিত হ’ব ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ইতিমধ্যে বিভিন্ন নামঘৰ-সত্ৰত আইসকলে গুৰুজনাৰ স্মৰণৰ অৰ্থে বিশাল আয়োজন কৰিছে। তিৰোভাৱ তিথি উপলক্ষে আজি ৰাইজে গুৰুজনাত শ্ৰদ্ধা নিবেদিব।
মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য তথা বঢ়াৰপো খ্যাত মাধৱদেৱে ১৫১৮ শকৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথিত ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত তেওঁ প্ৰাণত্যাগ কৰিছিল। সেই দিনটোতেই গুৰুজনাক স্মৰণ কৰি তিৰোভাৱ তিথি পালন কৰা হয়।
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ ৰঙাজান আৰু কাঁচিকটা নদীৰ মাজত অৱস্থিত লেতেকুপুখুৰীত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দ আৰু মাতৃৰ নাম আছিল মনোহৰী আই। কোৱা হয়, বাণ্ডুকাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালাত তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল। মাত্ৰ এবছৰতেই তেওঁ ব্যাকৰণ, পুৰাণ আদিৰ জ্ঞান আয়ত্ব কৰি লৈছিল।
মাধৱদেৱ প্ৰথম অৱস্থাত শাক্ত ধৰ্মৰ আছিল। কিন্তু এবাৰ বলি-বিধানক লৈ শংকৰদেৱৰ সৈতে হোৱা তৰ্ক-বিতৰ্কত তেওঁ হাৰ মানি একশৰণ নামধৰ্ম গ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ শংকৰদেৱৰ প্ৰিয় শিষ্য হৈ পৰে। মাধৱদেৱ আৰু শংকৰদেৱে একেলগে বহু বছৰ কটাইছিল আৰু নামধৰ্ম প্ৰচাৰ কৰি গৈছিল।
শংকৰদেৱৰ পৰলোকপ্ৰাপ্তিৰ পাছত প্ৰিয় শিষ্যগৰাকীয়ে বিভিন্ন প্ৰান্তত সত্ৰ স্থাপন কৰিছিল। ইয়াৰ ভিতৰত ১৫০৫ শক (১৫৮৩ খ্ৰী)ত বৰপেটা সত্ৰ স্থান কৰিছিল আৰু ৮ বছৰ ধৰি তাতেই আছিল। তেওঁ শ্ৰী মথুৰা দাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। ইয়াৰোপৰি তেওঁ গণককুছি সত্ৰ, সুন্দৰীদিয়া সত্ৰ,বৰাদি সত্ৰ, আহতগুৰি সত্ৰ, বেলগুৰি সত্ৰ আদি স্থাপ কৰিছিল। এই সত্ৰসমূহত মাধৱদেৱে শিষ্যক শিক্ষাদান, ধৰ্মীয় বিধিবিধান প্ৰৱৰ্তন আৰু কীৰ্তন আদি কাৰ্য চলাইছিল।
মাধৱদেৱে সাহিত্য আৰু সাংস্কৃতিক জগতখনতো বহু অৱদান আগবঢ়াই গৈছে। নামঘোষাৰ জৰিয়তে তেওঁ ৰাইজৰ মাজত ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ ৰচনাৰাজিয়ে ধৰ্মক ৰাইজৰ মাজত সহজ কৰি তুলিছিল। তেওঁ বহু বৰগীত, ভটিমা, নাট আদি ৰচনা কৰিছিল। কোৱা হয়, মাধৱদেৱে প্ৰায় ২৪০ টা বৰগীত লিখিছিল। কিন্তু ইয়াৰে এতিয়া মাত্ৰ ১৯১ টা বৰগীতহে আছে, ইয়াত কিছু সংখ্যত অংকীয়া নাটৰ গীতো সন্নিবিষ্ট হৈ আছে।
ইয়াৰোপৰি মাধৱদেৱে নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম-মালিকা আদি বিভিন্ন তত্বগধুৰ বিষয় ৰচনা কৰি গৈছে। গুৰু শংকৰদেৱক অনুসৰণ কৰি তেওঁ নৃত্য-গীত-ভাওনা, নামঘোষা আৰু ভক্তি-ৰত্নাৱলীৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিল।
অন্য খবৰ পঢ়কঃ মাধৱদেৱৰ তিৰোভাৱ তিথি কেতিয়া? জানক দিনটোৰ ইতিহাস, গুৰুত্ব আদি সকলো…