শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটোৰ আৰম্ভণিতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ৩ ছেপ্টেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Updated On: 03 Sep 2025 08:50 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি অভিৰুচি ক্ৰীড়া দিৱস। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত কৰা হয় এই ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰি অহা হৈছে।
  2. আজিৰে পৰা আৰম্ভ হ’ব জি এছ টি পৰিষদৰ বৈঠক। দুদিনীয়া এই বৈঠক ৪ ছেপ্টেম্বৰত সমাপ্ত হ’ব। এই সভাখন নতুন দিল্লীত অনুষ্ঠিত হ’ব আৰু সমগ্ৰ দেশৰ চকু ইয়াৰ ওপৰত নিবদ্ধ। এই বৈঠকক বিশেষ বুলি গণ্য কৰা হৈছে কাৰণ জি এছ টিৰ কৰ গাঁথনিত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে।
  3. ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ বাবে বাহিৰৰ পৰা এজেণ্ট আমদানি কৰা হৈছে! জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা মাহমুদ মাদানীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। তেওঁ অভিযোগ কৰিছে যে, “বদৰুদ্দিন আজমলৰ দ্বাৰা ব্যৰ্থ হোৱাৰ পাছত এতিয়া ৰাজ্যৰ বাহিৰৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ট আমদানি কৰা হৈছে।”
  4. জমিয়তৰ সভাপতি মাহমুদ মাদানীক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাদানী ভগৱান নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাদানীৰ কৃতিত্ব কেৱল কংগ্ৰেছ থকালৈকেহে বৰ্তী থাকিব। যদি অধিক স্মাৰ্ট দেখুৱাই তেন্তে মাদানীক জেলত ভৰোৱা হ’ব বুলিও হুংকাৰ দিয়ে ডঃ শৰ্মাই।
  5. মঙলবাৰে ২৪ জন অনুপ্ৰৱেশকাৰীক ৰাজ্যৰ পৰা পোষ্ট বেক কৰাৰ কথা সদৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈধ নথি-পত্ৰ অবিহনে বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰী বিশেষকৈ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।
  6. জি এম চি এইচত সংঘটিত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৭ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। দুগৰাকী চিকিৎসকসহ ৫ গৰাকী কৰ্মচাৰীক ৬ মাহৰ বাবে নিলম্বন কৰাৰ বিপৰীতে বৰ্খাস্ত কৰা হৈছে দুগৰাকী স্নাতকোত্তৰ শাখাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক।
  7. আমিনগাঁৱত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ। কামৰূপ আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ খবৰ লাভ কৰা গৈছে। ইয়াৰ লগতে দুজনক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা বাহন জব্দ কৰিছে আৰক্ষীয়ে। কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।