বন্ধ হ’ব নেকি Paytm? জানক কি আছে আঁৰৰ খবৰ…
কেনেকৈ বিয়পি পৰে উৰাবাতৰি? গুগল প্লেত এটা জাননীত কোৱা হৈছে যে ভাৰ্চুৱেল পেমেণ্ট ঠিকনা হিচাপে @paytm থকা সকলো পুৰণি ইউপিআই হেণ্ডেল ৩১ আগষ্টৰ পিছত ‘deprecated’ হ’ব। ব্যৱহাৰকাৰীসকলে ভাবিছিল যে ইয়াৰ অৰ্থ হ’ল পেটিএমে ইউপিআই সেৱা বন্ধ কৰিব।
বহুতে পেটিএম ইউপিআই বন্ধ হ’ব বুলি আশংকা প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে কোম্পানীটোৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে এইটো কেৱল এটা উৰাবাতৰি। অধিসূচনাৰ ভুলৰ বাবেই এই সমস্যাৰ সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে।
দৰাচলতে ২০২৪ চনত ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। তেতিয়াৰ পৰাই পেটিএমৰ অপাৰেটিং মডেল সলনি কৰিবলগীয়া হৈছে। এতিয়া তেওঁলোকে থাৰ্ড পাৰ্টি এপ্লিকেচন প্ৰভাইডাৰ (টিপিএপি) হিচাপে কাম কৰি আছে আৰু ইয়াৰ বাবে তেওঁলোকে এইচডিএফচি, এক্সিছ, এছবিআই আৰু য়েছ বেংকৰ দৰে বৃহৎ বেংকৰ সৈতেও চুক্তিবদ্ধ হৈছে।
কেনেকৈ বিয়পি পৰে উৰাবাতৰি? গুগল প্লেত এটা জাননীত কোৱা হৈছে যে ভাৰ্চুৱেল পেমেণ্ট ঠিকনা হিচাপে @paytm থকা সকলো পুৰণি ইউপিআই হেণ্ডেল ৩১ আগষ্টৰ পিছত ‘deprecated’ হ’ব। ব্যৱহাৰকাৰীসকলে ভাবিছিল যে ইয়াৰ অৰ্থ হ’ল পেটিএমে ইউপিআই সেৱা বন্ধ কৰিব। কিন্তু বাস্তৱত এই পৰিৱৰ্তন কেৱল অটো পে বা চাবস্ক্ৰিপচন সেৱাৰ বাবেহে হ’ব।