ভাৰতে দিছে শুল্ক হ্ৰাসৰ প্ৰস্তাৱ! টিয়ানজিন সন্মিলনৰ পিছতে ট্ৰাম্পৰ নতুন দাবী
আমেৰিকাৰ সৈতে সম্পৰ্কত দুৰত্ব বৃদ্ধিৰ সময়তে শেহতীয়াকৈ চীনৰ টিয়ানজিনত SCO সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনত একেখন মঞ্চতে মিলিত হয় প্ৰধানমন্ত্ৰী মোদী, চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। এই তিনিওখন দেশৰ ৰাষ্ট্ৰপ্ৰধান মিলিত হোৱাৰ পিছতে যেন চিন্তিত হৈ পৰিছে ট্ৰাম্প।
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বতে শেহতীয়া কিছুদিনত চলিছে ব্যাপক চৰ্চা। বিশেষকৈ ভাৰতৰ ওপৰত ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত দুয়ো দেশৰ মাজত সম্পৰ্কৰ ব্যাপক অৱনতি ঘটিছে। এই বিষয়ত ট্ৰাম্পে ধাৰাবাহিকভাৱে মন্তব্য কৰি আহিছে। ট্ৰাম্পে লগতে ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে বহু অভিযোগ। ইফালে ট্ৰাম্পৰ এনে অভিযোগ সন্দৰ্ভত স্পষ্ট প্ৰত্যুত্তৰ দিছে ভাৰতেও।
আমেৰিকাৰ সৈতে সম্পৰ্কত দুৰত্ব বৃদ্ধিৰ সময়তে শেহতীয়াকৈ চীনৰ টিয়ানজিনত SCO সন্মিলনত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনত একেখন মঞ্চতে মিলিত হয় প্ৰধানমন্ত্ৰী মোদী, চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। এই তিনিওখন দেশৰ ৰাষ্ট্ৰপ্ৰধান মিলিত হোৱাৰ পিছতে যেন চিন্তিত হৈ পৰিছে ট্ৰাম্প। এতিয়া ট্ৰাম্প শুল্ক নীতি সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে। শুল্ক সন্দৰ্ভত ট্ৰাম্পে কৰিছে এক নতুন দাবী।