শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰয়োজনত কোন দলৰ লগত মিত্ৰতা কৰিব ইউপিপিএলে ? বিজেপি নে বিপিএফ ! কি ক’লে প্ৰমোদ বড়োৱে ?

ভৱিষ্যতে ইউপিপিএল এনডিএৰ লগত থাকিবনে ? হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সৈতে ইউপিপিএলৰ মিত্ৰতাৰ সম্ভাৱনা আছে নেকি ? এই সন্দৰ্ভত কেইটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে।

প্ৰয়োজনত কোন দলৰ লগত মিত্ৰতা কৰিব ইউপিপিএলে ? বিজেপি নে বিপিএফ ! কি ক’লে প্ৰমোদ বড়োৱে ?
প্ৰমোদ বড়ো
manas-borah
Manas Borah | Published: 03 Sep 2025 11:30 AM

এইবাৰ মিত্ৰতাৰে নহয়, অকলে বিটিচিৰ নিৰ্বাচনী যুঁজত নামিছে ইউপিপিএল। প্ৰশ্ন হয়, বিজেপিৰে মিত্ৰতা ভংগ হৈছে নেকি ইউপিপিএলৰ? এই সন্দৰ্ভত কেইটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে। ভৱিষ্যতে ইউপিপিএল এনডিএৰ লগত থাকিবনে ? হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সৈতে ইউপিপিএলৰ মিত্ৰতাৰ সম্ভাৱনা আছে নেকি ?

এনডিএৰ লগত তেওঁলোকৰ মিত্ৰতা আছেনে?

এক বিশেষ সাক্ষাৎকাৰত প্ৰমোদ বড়োক সোধা হৈছিল যে, এতিয়াও এনডিএৰ লগত তেওঁলোকৰ মিত্ৰতা আছেনে? তেওঁ কয়, “এনডিএৰ লগত এতিয়াও মিত্ৰতা চলি আছে। পৰিষদত আমি বেলেগে বেলেগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। পৰিষদত কাৰোবাৰ লগত মিত্ৰতাৰে নিৰ্বাচন খেলাৰ পৰিৱেশ নাই। প্ৰয়োজনত আমি অকলে নিৰ্বাচন খেলিছোঁ।”

“যিহেতু ইউপিপিএল বড়োলেণ্ড তথা বিটিচিক লৈ গঠন হৈছে। গতিকে ইয়াৰ আশা-আকাংক্ষা, সমস্যা সমাধান কৰাৰ স্বাৰ্থত দলটো গঠন কৰি আমি কাম কৰিছোঁ। ইয়াত আমি অকলে কাম কৰি আছোঁ, অকলে চলি আছোঁ আৰু অকলে চৰকাৰ গঠন কৰি ইউপিপিএলৰ মডেলৰ ৰাজনীতিৰ দ্বাৰা বড়োলেণ্ডক আগুৱাই নিয়াৰ বাবে কাম কৰিম।” এইদৰে কয় প্ৰমোদ বড়োৱে।

মিত্ৰতা থকা হ’লে বেছি আসন লাভ কৰিলেহেঁতেন নেকি ?

এই সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, “ইতিবাচক আৰু নেকিবাচক দুয়োটা কথাই জড়িত হৈ আছে। ইতিবাচক কথাটো হ’ল, ইউপিপিএল বিটিচিৰ দল। বড়োলেণ্ডত কোনোবা আহিলেও-নাহিলেও, থাকিলেও-নাথাকিলেও এই অঞ্চলৰ নিৰাপত্তা, শান্তি, সৰ্বাংগীন উন্নয়ন, জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়া আৰু গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে ইউপিপিএল দল আগবাঢ়ি যাব।” তেওঁ লগতে দাবী কৰে যে, একক সংখ্যাগৰিষ্ঠতাৰে বিটিচিত চৰকাৰ গঠন কৰিব ইউপিপিএলে।

প্ৰয়োজনত কোন দলৰ লগত মিত্ৰতা কৰিব? বিজেপি নে বিপিএফ !

প্ৰমোদ বড়োৱে কয়, “২৬ ছেপ্টেম্বৰৰ পাছত তথা ফলাফলৰ পাছত সকলো সিদ্ধান্ত লোৱা হ’ব। আজি দিনটোত গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাইজৰ ওচৰত যাব লাগে। ভোটাৰক আকৰ্ষণ কৰিব লাগে আৰু আমাৰ প্ৰাৰ্থী জয়ী হ’ব লাগে।” কিন্তু চৰকাৰ গঠনৰ বাবে বিপিএফ বা বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসংগত স্পষ্ট মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে প্ৰমোদ বড়ো। লগতে হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনাই ইউপিপিএলৰ মুৰব্বীগৰাকীয়ে।

তেওঁ এটা কথা স্পষ্টকৈ কয় যে, বড়োলেণ্ডলৈ এতিয়া শান্তি বাতাবৰণ ঘূৰি আহিছে। বড়োলেণ্ডে এতিয়া শান্তি বিচাৰে। যোৱা পাঁচটা বছৰত কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱা নাই। বড়োলেণ্ডত গণতন্ত্ৰই সৰ্বাধিক গুৰুত্ব লাভ কৰিছে বুলি দাবী কৰে প্ৰমোদ বড়োৱে।