শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এইবাৰ কোন বহিব বিটিচিৰ ৰাজপাটত, বিজেপিৰ সৈতে পুনৰ লগ হ'বনে ইউপিপিএল, প্ৰমোদ বড়ো এক্সক্লুছিভ

এইবাৰ কোন বহিব বিটিচিৰ ৰাজপাটত, বিজেপিৰ সৈতে পুনৰ লগ হ’বনে ইউপিপিএল, প্ৰমোদ বড়ো এক্সক্লুছিভ

Manas Borah
Manas Borah | Published: 03 Sep 2025 12:11 PM

বিজেপিৰে মিত্ৰতা ভংগ হৈছে নেকি ইউপিপিএলৰ? এই সন্দৰ্ভত কেইটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে।

এইবাৰ মিত্ৰতাৰে নহয়, অকলে বিটিচিৰ নিৰ্বাচনী যুঁজত নামিছে ইউপিপিএল। প্ৰশ্ন হয়, বিজেপিৰে মিত্ৰতা ভংগ হৈছে নেকি ইউপিপিএলৰ? এই সন্দৰ্ভত কেইটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে। ভৱিষ্যতে ইউপিপিএল এনডিএৰ লগত থাকিবনে ? হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সৈতে ইউপিপিএলৰ মিত্ৰতাৰ সম্ভাৱনা আছে নেকি ?

এনডিএৰ লগত তেওঁলোকৰ মিত্ৰতা আছেনে?

এক বিশেষ সাক্ষাৎকাৰত প্ৰমোদ বড়োক সোধা হৈছিল যে, এতিয়াও এনডিএৰ লগত তেওঁলোকৰ মিত্ৰতা আছেনে? তেওঁ কয়, “এনডিএৰ লগত এতিয়াও মিত্ৰতা চলি আছে। পৰিষদত আমি বেলেগে বেলেগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। পৰিষদত কাৰোবাৰ লগত মিত্ৰতাৰে নিৰ্বাচন খেলাৰ পৰিৱেশ নাই। প্ৰয়োজনত আমি অকলে নিৰ্বাচন খেলিছোঁ।”