3 September 2025
TV9 ASSAM
ঘৰত কিছুমান উদ্ভিদ থাকটো অতি প্ৰয়োজন। কাৰণ এই উদ্ভিদবোৰে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, সুখ-সমৃদ্ধি কঢ়িয়াই আনে।
বাস্ত্ৰৰ মতে, ঘৰত এই ফুল বা উদ্ভিদ ঘৰত ৰাখক। আপোনাৰ পৰিয়ালৰ বাবে মংগল হ'ব।
অপৰাজিতা উদ্ভিদ অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফুল আৰু লতাবোৰে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। এই ফুল দেৱী লক্ষ্মী আৰু ভগৱান শিৱৰ অতি প্ৰিয়।
ঘৰৰ উত্তৰ-পূব দিশত অপৰাজিতা গছ ৰোপণ কৰাটো অতি শুভ। ইয়াৰ ফলত ধন-সম্পত্তি বৃদ্ধি পায়।
ঘৰত শেৱালি ফুলৰ গছ ৰোপণ কৰিব লাগে। বাস্তু শাস্ত্ৰত এই গছ ঘৰত থকাটো শুভ বুলি গণ্য কৰা হয়।
ঘৰত পদুম ফুল থাকিলে শুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদ থাকিলে ঘৰত কেতিয়াও ধন-সম্পত্তি আৰু খাদ্যৰ অভাৱ নহয়।
মা লক্ষ্মী আৰু ব্ৰহ্মা দুয়োগৰাকীয়ে পদুম ফুল ভাল পায়। এই পদুম ফুল ঘৰৰ উত্তৰ বা উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক