শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বৈৰৱীৰ পৰা ছাইৰাঙলৈ উকিয়াই চলিব ৰে'লগাড়ী, সূচনা হ'ব নতুন অধ্যায়

বৈৰৱীৰ পৰা ছাইৰাঙলৈ উকিয়াই চলিব ৰে’লগাড়ী, সূচনা হ’ব নতুন অধ্যায়

raj-saikia
Raj Saikia | Published: 02 Sep 2025 22:46 PM

বৈৰৱীৰ পৰা আইজলৰ ছাইৰাঙলৈকে প্ৰায় ৫১.৩৮ কিঃমিঃ ৰে'লপথ স্থাপনৰ কাম ইতিমধ্যেই সমাপ্ত হৈছে। অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰে'লপথ মুকলি কৰাৰ কথা।

উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ মোদী চৰকাৰে গ্ৰহণ কৰিছিল ACT EAST পলিচী। যাৰ অধীনত উত্তৰ-পূব ভাৰতত ৰে’ল যাতায়ত উন্নীত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে কেন্দ্ৰই। এইবাৰ পূৰ্বোত্তৰৰ অন্যতম ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলক অন্তৰ্ভুক্ত কৰা হ’ব দেশৰ ৰে’ল মানচিত্ৰত।

মিজোৰাম তথা আইজলৰ দৰে এক গুৰুত্বপূৰ্ণ স্থানক অৰ্থনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তথা পৰ্যটনক মানুহৰ কাষলৈ লৈ যোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। অৱশ্য়ে সামৰিক বিশেষজ্ঞৰ মতে, কেৱল অৰ্থনৈতিক উন্নয়নেই নহয়, ম্যানমাৰ সীমান্তত নিয়োজিত নিৰাপত্তাবাহিনীক দ্ৰুতভাৱে ৰছদ-পাতি যোগান ধৰিবলৈও ৰে’লপথ সম্প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ।

ইয়াৰ আগলৈকে অসমৰ শিলচৰ-বদৰপুৰ লাইনেৰে অসম-মিজোৰাম সীমান্তৰ বৈৰৱী ষ্টেচনলৈকেহে আছিল ৰে’লপথ। মিজোৰামক ঢুকি পোৱা নাছিল ৰে’ল সেৱাই। বৈৰৱীৰ পৰা পথেৰে আইজল পাবলৈ সময় লাগে প্ৰায় ১০ ৰ পৰা ১২ ঘণ্টা। কিন্তু এতিয়া ৰে’ল চলাচল হোৱাৰ লগে লগে মাত্ৰ ৩০ ৰ পৰা ৪০ মিনিটতে গৈ পাব আইজল।

বৈৰৱীৰ পৰা আইজলৰ ছাইৰাঙলৈকে প্ৰায় ৫১.৩৮ কিঃমিঃ ৰে’লপথ স্থাপনৰ কাম ইতিমধ্যেই সমাপ্ত হৈছে। অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰে’লপথ মুকলি কৰাৰ কথা। ১৯৯৯ চনত পৰিকল্পনা আৰম্ভ হৈছিল এই প্ৰকল্পৰ। প্ৰায় ২৬ বছৰ ধৰি নিৰ্মাণৰ কাম চলাৰ পাছত অৱশেষত সেই দিনটো কাষ চাপি আহিছে। ৰে’ল যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব মিজোৰামত।

প্ৰায় ৫ হাজাৰ ২১ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। অনে বাধা-বিপত্তি আহিলেও লক্ষ্যৰ পৰা বিচলিত হোৱা নাছিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কৰ্মীসকল। দুৰ্গম পাহাৰ কাটি, এটাৰ পাছত আনটো বাধা অতিক্ৰম কৰি তৈয়াৰ কৰা হ’ল এই ৰে’লপথ।

৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যি সামগ্ৰীভৰ্তি বাহন শিলচৰৰ পৰা আইজল পাবলৈ ডেৰ-দুইদিন লাগে, সেই সামগ্ৰী ৰে’লপথেৰে মাত্ৰ ৩৫ মিনিটৰ ভিতৰতে আইজল পাবগৈ। এই ৰে’লপথ মিজোৰামবাসীৰ বাণিজ্য আৰু যোগাযোগৰ ক্ষেত্ৰত গেম চেঞ্জাৰ হব বুলি আশা কৰিছে বিশেষজ্ঞই। ৰে’লপথ সাজু, এতিয়া অপেক্ষা মিজোৰামৰ পৰা ৰে’লৰ উকি ভাঁহি অহালৈ।