MIG 21 Update: অৱসৰ ল’ব ভাৰতৰ ‘ফ্লাইং কফিন’ MiG-21 য়ে, এই যুঁজাৰু বিমানখনৰ অভিলেখ চাওক…
এই যুঁজাৰু বিমানখনে ছয় দশকৰো অধিক সময় দেশৰ সামৰিক বাহিনীক সেৱা আগবঢ়াই আহিছে। ৬০ বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱাৰ পাছত ফ্লাইং কফিন নামেৰে পৰিচিত MiG-21 যুঁজাৰু বিমানখনে অৱসৰ ল’বলৈ ওলাইছে।
অৱশেষত সেৱাৰ পৰা অব্যাহতি ল’ব MiG-21 যুঁজাৰু বিমানে। এই যুঁজাৰু বিমানখনে ছয় দশকৰো অধিক সময় দেশৰ সামৰিক বাহিনীক সেৱা আগবঢ়াই আহিছে। ৬০ বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱাৰ পাছত ফ্লাইং কফিন নামেৰে পৰিচিত MiG-21 যুঁজাৰু বিমানখনে অৱসৰ ল’বলৈ ওলাইছে। এক কথাত ক’ব পাৰি যে, ভাৰতীয় বায়ুসেনাত এটা যুগৰ অন্ত পৰিল৷
এই বিমানখনে ২৬ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে অৱসৰ হ’ব। আৰু তাৰ মাত্ৰ ১ মাহৰ আগতে বিকানেৰৰ নল এয়াৰ বেছৰ পৰা শেষবাৰৰ বাবে উৰা মাৰিছিল মিগ-২১ যুঁজাৰু বিমানখনে। এই ঐতিহাসিক বিমানখনৰ উৰণৰ নেতৃত্ব দিছিল স্বয়ং বায়ুসেনাৰ মুৰব্বী বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিঙে।