Assam News:মাদানীৰ অসম ভ্ৰমণৰ পৰা বিটিচি নিৰ্বাচনলৈ দিনটোৰ শীৰ্ষ খবৰ
বিটিচি নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে কংগ্ৰেছ এৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে। পদত্যাগৰ পাছতেই কংগ্ৰেছৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে। দলৰ নেতৃত্বই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে মুছাহাৰীয়ে। দলটোৰ ভিতৰত গণতান্ত্ৰিকতা নাই বুলিও কয় কংগ্ৰেছত্য়াগী নেতাগৰাকীয়ে।
আজিও অব্যাহত আছে বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া। দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ বাবে মনোনয়ন দাখিল হাগ্ৰামা মহিলাৰীৰ। ইফালে দোতমা পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে প্ৰমোদ বড়োৱে। আন কেবাটাও সমষ্টিত বহু কেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা দেখা গৈছে। আজি আছিল মনোনয়ন দাখিলৰ অন্তিম দিন।
আজি গুৱাহাটীত সংবাদমেল সম্বোধন কৰে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীয়ে। অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানক কঠোৰ ভাষাৰে নিন্দা কৰে মাদানীয়ে। মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈয়ে সমালোচনা কৰি উচ্ছেদ অভিযানক উদ্দেশ্য প্ৰণোদিত আখ্যা দিয়ে জমিয়তৰ সভাপতিগৰাকীয়ে।
জি এম চি এইচত সংঘটিত নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৭ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ। দুগৰাকী চিকিৎসকসহ ৫ গৰাকী কৰ্মচাৰীক ৬ মাহৰ বাবে নিলম্বন কৰাৰ বিপৰীতে বৰ্খাস্ত কৰা হৈছে দুগৰাকী স্নাতকোত্তৰ শাখাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক। যোৱা ১৮ আগষ্টত কৰ্মচাৰীৰ হেমাহীৰ বাবে জি এম চি এইছত মৃত্যু ঘটিছিল এটি নৱজাতকৰ।
জমিয়তৰ সভাপতি মাহমুদ মাদানীক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাদানী ভগৱান নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাদানীৰ কৃতিত্ব কেৱল কংগ্ৰেছ থকালৈকেহে বৰ্তী থাকিব। যদি অধিক স্মাৰ্ট দেখুৱাই তেন্তে মাদানীক জেলত ভৰোৱা হ’ব বুলিও হুংকাৰ দিয়ে ডঃ শৰ্মাই।
বিটিচি নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে কংগ্ৰেছ এৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক গৰ্জন মুছাহাৰীয়ে। পদত্যাগৰ পাছতেই কংগ্ৰেছৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে। দলৰ নেতৃত্বই তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে মুছাহাৰীয়ে। দলটোৰ ভিতৰত গণতান্ত্ৰিকতা নাই বুলিও কয় কংগ্ৰেছত্য়াগী নেতাগৰাকীয়ে।
অহা বৰ্ষৰ পৰা ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব ফুটবল খেলক। এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজি বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ সুব্ৰত কাপ জয় কৰা অসমৰ দলটোক সম্বৰ্ধনা জনায় শিক্ষামন্ত্ৰীয়ে। ৬৪ সংখ্যক সুব্ৰত কাপ ফুটবলত পশ্চিম বংগৰ দলক পৰাস্ত কৰি খিতাপ দখল কৰিছিল বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলটোৱে।