শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটো আৰম্ভ কৰাৰ আগতে চাওক পুৱাৰ শীৰ্ষ খবৰ…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে চাওক পুৱাৰ শীৰ্ষ খবৰ…
manas-borah
Manas Borah | Updated On: 11 Jun 2025 08:12 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. অসমৰ ডিমা হাছাও জিলাৰ যুৱতী ৰশ্মিতা হোজাইৰ সন্দেহজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান জনাই ডিমাছাৰ বিশিষ্ট নাগৰিক সমাজৰ সংগঠন JNH, ডিমাছা ছাত্ৰ সন্থা (DSU), , ডিমাছা মাতৃ সন্থা (DMA) য়ে যৌথভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
  2. স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে অসমৰ বান পৰিস্থিতি । বৰ্তমান ৰাজ্যৰ ৯খন জিলা আৰু ২১টা ৰাজহ চক্ৰ বানত ক্ষতিগ্ৰস্ত হৈ আছে। অবিৰত বৰষুণ আৰু বৃদ্ধি পোৱা নদীৰ জলপৃষ্ঠই বৃহৎ অঞ্চল প্লাৱিত কৰি ৰখাৰ ফলত ১.৩৮ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে।
  3. আশা কর্মী আৰু আশা ছুপাৰভাইজৰসকলৰ উদগনি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কিবনেটে। আশা কর্মীসকলে এতিয়া ১ অক্টোবৰ ২০২৫ৰ পৰা ৩,০০০ টকাৰ সলনি ৪,০০০ টকাৰ স্থিৰ মাহেকীয়া মাননী লাভ কৰিব । আশা ছুপাৰভাইজৰসকলে এতিয়া ১ অক্টোবৰ ২০২৫ৰ পৰা ৯,০০০ টকাৰ সলনি ১০,২০০ টকাৰ স্থিৰ মাহেকীয়া মাননী লাভ কৰিব
  4. মিছন বসুন্ধৰা ৩.০ৰ ভূমি আবণ্টনত অনুমোদ জনাইছে ৰাজ্যিক কেবিনেটে । কেবিনেটে ১,০১১ অব্যক্তিগত ন্যায়িক অনুষ্ঠান (শিক্ষামূলক, ধর্মীয় আৰু সামাজিক-সাংস্কৃতিক প্রতিষ্ঠানসমূহ)ৰ সপক্ষে হোৱা নিষ্পত্তিৰে ভূমি আবণ্টনৰ অনুমোদন প্রদান কৰিছে ।এই আবণ্টনসমূহ এনেধৰণৰ -শোণিতপুৰঃ ৪৬৪, গোলাঘাট: ৩০৬, মাজুলী: ২০৫, কামৰূপ: ৩৬ । একেদৰে কেবিনেটে ১৪৬ চৰকাৰী শিক্ষাৰ প্রতিষ্ঠান, কার্যালয়, স্বাস্থ্য প্রতিষ্ঠান, অংগনবাড়ী কেন্দ্ৰ আৰু অন্যান্য চৰকাৰী আন্তঃগাঁথনি প্রকল্পৰ বাবে চৰকাৰী ভূমি আবণ্টনৰ অনুমোদন দিছে ।এই আবণ্টনসমূহ এনেধৰণৰ – শোণিতপুৰ: ১০৮, গোলাঘাট: ৩৮ ।
  5. এতিয়াৰ পৰা ‘প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসম’ৰ নাম হ’ব ‘অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ’।’প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসম’ক ‘অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ’ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।
  6. প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব নেকি ? সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, “মই ৰাজনীতি কৰাৰ ৪০ বছৰ হ’ল । ৰাইজক কৈ অহা কথাবোৰ ওলোটাকৈ কোৱাৰ বয়স মোৰ নাই ।” অৰ্থাৎ এক প্ৰকাৰে বিজেপিত যোগদানৰ কোনো চিন্তা-চৰ্চা কৰা নাই বা সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে ভূপেন বৰাই ।
  7. প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। গৰমৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ বাবে সময়সূচী আগুৱাবলৈ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ । ৰাজ্যৰ সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ শিক্ষামন্ত্ৰীগৰাকীৰ । প্ৰতিখন জিলাৰ স্থানীয় বতৰ অনুযায়ী বিদ্যালয়ৰ সময়সূচী সালসলনি কৰাৰ নিৰ্দেশ ।
  8. অসমত থাকিবলৈ দিয়া নহ’ব এজনো অবৈধ বিদেশীক । প্ৰত্যেকজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । পুনৰ এই দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । আজি বঙাইগাঁও জিলাত এক অনুষ্ঠানত অংশ লৈ সভাপতি শৰ্মাই কয় যে সীমান্ত কটকটীয়াকৈ ছীল কৰাৰ উপৰিও অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে ।

লগতে পঢ়ক : আজি বুুধবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

বৃদ্ধি পালে আশা কৰ্মী-ছুপাৰভাইজাৰৰ মাহেকীয়া মাননি, এতিয়াৰ পৰা কিমান টকাকৈ পাব ?