বৃদ্ধি পালে আশা কৰ্মী-ছুপাৰভাইজাৰৰ মাহেকীয়া মাননি, এতিয়াৰ পৰা কিমান টকাকৈ পাব ?
,আশা কর্মী আৰু আশা ছুপাৰভাইজৰসকলৰ মাহেকীয়া মাননি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কিবনেটে। ১ অক্টোবৰ ২০২৫ৰ পৰা লাভ কৰিব নতুন মাহেকীয়া মাননি ।

আশা কৰ্মীৰ মাহেকীয়া মাহেকীয়া পাৰিশ্ৰমিক বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ লগতে বৃদ্ধি পাব আশা ছুপাৰভাইজৰসকলৰ মাহেকীয়া দৰমহাও । মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্তত অনুমোদন জনাইছে । ইয়াৰ লগতে বৈঠকত কেইবাটাও বিষয়ত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, আশা কর্মী আৰু আশা ছুপাৰভাইজৰসকলৰ মাহেকীয়া মাননি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে ৰাজ্যিক কিবনেটে। সেই অনুসৰি, ১ অক্টোবৰ ২০২৫ৰ পৰা আশা কর্মীসকলে ৩,০০০ টকাৰ সলনি ৪,০০০ টকাৰ স্থিৰ মাহেকীয়া মাননি লাভ কৰিব । একেদৰে ১ অক্টোবৰ ২০২৫ৰ পৰা আশা ছুপাৰভাইজৰসকলে ৯,০০০ টকাৰ সলনি ১০,২০০ টকাৰ স্থিৰ মাহেকীয়া মাননি লাভ কৰিব ।
আজি অনুষ্ঠিত অসম কেবিনেটৰ সিদ্ধান্তসমূহ…
✅মিছন বসুন্ধৰা ৩.০ৰ অধীনত ভূমি আবণ্টনত অনুমোদন
✅প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ নতুন নামকৰণ
✅ স্বাস্থ্যখণ্ডৰ কৰ্মীলৈ সমৰ্থন প্রদান pic.twitter.com/mn5Dibr3Jc— Himanta Biswa Sarma (@himantabiswa) June 10, 2025
ইফালে, মিছন বসুন্ধৰা ৩.০ৰ ভূমি আবণ্টনত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, কেবিনেটে ১,০১১ অব্যক্তিগত ন্যায়িক অনুষ্ঠান (শিক্ষামূলক, ধর্মীয় আৰু সামাজিক-সাংস্কৃতিক প্রতিষ্ঠানসমূহ)ৰ সপক্ষে হোৱা নিষ্পত্তিৰে ভূমি আবণ্টনৰ অনুমোদন প্রদান কৰিছে । এই আবণ্টনসমূহ এনেধৰণৰ -শোণিতপুৰঃ ৪৬৪, গোলাঘাট: ৩০৬, মাজুলী: ২০৫, কামৰূপ: ৩৬ ।
একেদৰে কেবিনেটে ১৪৬ চৰকাৰী শিক্ষাৰ প্রতিষ্ঠান, কার্যালয়, স্বাস্থ্য প্রতিষ্ঠান, অংগনবাড়ী কেন্দ্ৰ আৰু অন্যান্য চৰকাৰী আন্তঃগাঁথনি প্রকল্পৰ বাবে চৰকাৰী ভূমি আবণ্টনৰ অনুমোদন দিছে । এই আবণ্টনসমূহ এনেধৰণৰ – শোণিতপুৰ: ১০৮, গোলাঘাট: ৩৮ ।
ইফালে প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমক নতুনকৈ নামকৰণ কৰা হৈছে । সেই অনুসৰি ‘প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসম’ক ‘অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ’ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।
লগতে পঢ়ক : আজি বুুধবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…
ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
বৃদ্ধি পালে আশা কৰ্মী-ছুপাৰভাইজাৰৰ মাহেকীয়া মাননি, এতিয়াৰ পৰা কিমান টকাকৈ পাব ?