দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ
আজি বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- আজি মুম্বাই ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰায় ১৯,৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব।
- অপাৰেচন সিন্দুৰৰ পিছত ভাৰতে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৬ টা নতুন AK-630 ব্যৱস্থাৰ নিবিদা জাৰি কৰিছে। এই ব্যৱস্থাই মিনিটত ৩০০০ গুলী চলাব পাৰে আৰু ইয়াৰ ৰেঞ্জ ৪ কিলোমিটাৰ। ড্ৰোন, মিছাইল, ৰকেট, মৰ্টাৰ আদি আকাশী ভাবুকিৰ সৈতে সেনাই অধিক ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ সক্ষম হ’ব।
- হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত মঙলবাৰে সন্ধিয়া এখন বাছত দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত বাছখনত থকা ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে দুটা শিশুক নিৰাপদে উদ্ধাৰ কৰা হয়। বাছখনত প্ৰায় ৩০ জন যাত্ৰী আছিল। বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি কোৱা হৈছে।
- ২০২৪ চনত বান আৰু ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধন হোৱা অসম আৰু গুজৰাটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০৭.৯৭ কোটি টকাৰ অতিৰিক্ত আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ কমিটীয়ে ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়নৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে। সবিশেষ পঢ়িবলৈ ইয়াত ক্লিক কৰক।
- ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি (ST) মৰ্যাদাৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত তিনিচুকীয়াত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়টো নীৰিক্ষণ কৰি থকা অসম চৰকাৰৰ মন্ত্ৰী গোটে অহা ২৫ নৱেম্বৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। এই প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ’ব, আৰু সদনত হোৱা আলোচনাৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব বুলিও শৰ্মাই লগতে কয়। সবিশেষ পঢ়িবলৈ ইয়াত ক্লিক কৰক।
- কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰশংসা কৰি আমেৰিকাৰ নেতাগৰাকীক “পৰিৱৰ্তনকাৰী” বুলি অভিহিত কৰে। অ’ভেল অফিচত ট্ৰাম্পৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকৰ সময়ত কাৰ্নীয়ে কয় যে আপুনি এজন পৰিৱৰ্তনকাৰী।
- দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ। এই ভ্ৰমণৰ সময়ত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা হ’ব।