আমেৰিকাৰ বাজেটৰ অচলাৱস্থাই ভাৰতত কি প্ৰভাৱ পেলাব?
আমেৰিকাৰ কংগ্ৰেছত বাজেট উপস্থাপনৰ সময়ত চিনেটৰৰ সমৰ্থন নাপালে আমেৰিকা চৰকাৰে। সেইবাবেই বাজেটত চাট ডাউন কৰা হয়। এই অচলাৱস্থাৰ বাবে কেইবাটাও অত্যাৱশ্যকীয় চৰকাৰী সেৱা স্তব্ধ হৈ পৰিছে আমেৰিকাত।
আমেৰিকাত চাট ডাউন। যাৰ ফলত স্থবিৰ হৈ পৰিছে বিশ্ব অৰ্থনীতি। ইফালে এতিয়াও ট্ৰাম্পৰ শুল্ক নীতিৰ জোকাৰণিৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ভাৰতীয় বজাৰ। সেই সময়তে সমগ্ৰ বিশ্ব বজাৰত সৃষ্টি হ’ল আন এক জোকাৰণি। ইয়াৰ ফলত ক্ষতি হ’ব ভাৰতীয় অৰ্থনীতিৰ।
চাট ডাউন, যাক কোৱা হয় অচলাৱস্থা। আমেৰিকাৰ কংগ্ৰেছত বাজেট উপস্থাপনৰ সময়ত চিনেটৰৰ সমৰ্থন নাপালে আমেৰিকা চৰকাৰে। সেইবাবেই বাজেটত চাট ডাউন কৰা হয়। এই অচলাৱস্থাৰ বাবে কেইবাটাও অত্যাৱশ্যকীয় চৰকাৰী সেৱা স্তব্ধ হৈ পৰিছে আমেৰিকাত।
ইয়াক কেৱল আমেৰিকাৰ আভ্যন্তৰীণ সমস্যা বুলি লেবেল লগোৱাটো সঠিক নহয়, সমগ্ৰ বিশ্বৰ বজাৰতেই সমস্যাটোৰ প্ৰভাৱ পৰিছে। ইতিমধ্যে ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্যই ১ লাখ ২১ হাজাৰ টকা অতিক্ৰম কৰিছে।
ভাৰতীয় বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে। বিশ্বৰ বিনিয়োগকাৰীসকল আতংকিত হৈ পৰিছে আৰু তেওঁলোকে নিজৰ বিনিয়োগ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। ফলত ভাৰতীয় বজাৰত বিদেশী পৰ্টফলিঅ’ থকা বিনিয়োগকাৰীসকলেও নিজৰ বিনিয়োগ স্থানান্তৰিত কৰিছে। বিশেষজ্ঞসকলে কয় যে এই পৰিস্থিতিত টকাৰ দাম দুৰ্বল হৈ আহিছে। কাৰণ, আমেৰিকাত স্থবিৰতাৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধি পাইছে।
এই অচলাৱস্থাৰ বাবে ভাৰতৰ কেইবাটাও খণ্ড ক্ষতিগ্ৰস্ত হ’ব। বিশেষকৈ বস্ত্ৰশিল্প, ঔষধ আৰু অন্যান্য খণ্ডসমূহ ইয়াৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। কাৰণ, আমেৰিকাৰ কেইবাটাও চৰকাৰী সংস্থা অচলাৱস্থাৰ অধীনত।
কেইবালাখো ভাৰতীয়ই আমেৰিকাত চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কাম কৰে। অচলাৱস্থাৰ ফলত যদি তেওঁলোকৰ দৰমহা আবদ্ধ হৈ থাকে তেন্তে ইয়াৰ প্ৰভাৱ ৰেমিটেন্সত পৰিব। অৰ্থাৎ সেই দেশৰ পৰা তাত বসবাস কৰা লোকে ভাৰতলৈ ধন পঠোৱাত সমস্যা হ’ব। প্ৰায় সকলো ক্ষেত্ৰতে সেই দেশত বসবাস কৰা ভাৰতীয় শ্ৰমিকৰ মনত চাকৰি হেৰুৱাৰ ভয়ৰ সৃষ্টি হ’ব। ফলত অৰ্থনৈতিক মন্দাৱস্থা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি।
আমেৰিকাৰ বাবে ভাৰতীয় অৰ্থনীতিত জোকাৰণিৰ সৃষ্টি হ’লেও ইয়াৰ কিমান প্ৰভাৱ পৰিব সেয়া কোৱা টান। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ কৌটিল্য অৰ্থনৈতিক সন্মিলনত কয়, ‘‘ভাৰতীয় অৰ্থনীতি বৰ্তমান এক স্থিতিস্থাপক অৱস্থাত আছে। এই অৰ্থনীতিয়ে যিকোনো জোকাৰণি চম্ভালিব পাৰে।’’
বিশেষজ্ঞসকলৰ মতে ভাৰতৰ জিডিপি সাধাৰণতে ঘৰুৱা বজাৰৰ ওপৰত নিৰ্ভৰশীল। ফলত বিশ্ব বজাৰৰ অস্থিৰতাৰ পৰা ভাৰতীয় অৰ্থনীতিয়ে কিছু সুৰক্ষা লাভ কৰে। ইয়াৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেইবাটাও নীতিয়ে ভাৰতীয় অৰ্থনীতি সুস্থিৰ কৰি ৰখাত সহায় কৰে।
আমেৰিকাৰ এই অচলাৱস্থা যদিহে সোনকালে সমাধান নহয় তেন্তে সোণকে ধৰি কেইবাটাও সামগ্ৰীৰ দাম বৃদ্ধি পাব পাৰে। এই সমস্যা যিমান সোনকালে সমাধান হ’ব, ভাৰতীয় বজাৰখন সিমানেই দ্ৰুতগতিত সুস্থিৰ হৈ উঠিব। অৱশ্যে ভাৰতৰ এটা অতিৰিক্ত সুবিধা আছে। আমাৰ অৰ্থনৈতিক ভিত্তি আৰু স্থিতিশীলতা এই সমস্যাৰ পৰা ৰক্ষাকৱচ বুলি ক’ব পাৰি।