মেকআপৰ ব্যৱহাৰে বৃদ্ধি কৰে নেকি স্তনৰ কৰ্কট ৰোগৰ আশংকা? চিকিৎসকে কি কয় জানক…
এতিয়া ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাসকলো স্তন কেন্সাৰত ভুক্তভোগী হৈ পৰিছে। স্তন কেন্সাৰৰ বহু কাৰণ আছে যদিও কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰসাধন সামগ্ৰী এই ৰোগৰ আশংকাৰ সৈতে জড়িত হ’ব পাৰে। এই গৱেষণা স্তন কেন্সাৰ ইউ কে বিজ্ঞান পেনেল (breastcanceruk.org.uk)ত প্ৰকাশ কৰা হৈছে।

কেইটামান দশকৰ আগলৈকে স্তন কেন্সাৰৰ ৰোগী সংখ্যা অতি কম আছিল। বেছিভাগ আক্ৰান্ত ৰোগী আছিল ৬০ বছৰৰ উৰ্ধ্বৰ ।কিন্তু এতিয়া এনে নহয়। বিগত পাঁচ বছৰত এনে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, এতিয়া ৩০ৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাসকলো ভুক্তভোগী হৈ পৰিছে। স্তন কেন্সাৰৰ বহু কাৰণ আছে যদিও কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰসাধন সামগ্ৰী এই ৰোগৰ আশংকাৰ সৈতে জড়িত হ’ব পাৰে। এই গৱেষণা স্তন কেন্সাৰ ইউ কে বিজ্ঞান পেনেল (breastcanceruk.org.uk)ত প্ৰকাশ কৰা হৈছে।
গৱেষণাৰ মতে প্ৰসাধন সামগ্ৰীত বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে, যিবোৰ সংৰক্ষক হিচাপে ব্যৱহাৰ কৰা হয়। যেতিয়াই এগৰাকী মহিলাই প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে তেতিয়াই এই ৰাসায়নিক পদাৰ্থবোৰ ছালৰ মাজেৰে শৰীৰত প্ৰৱেশ কৰিব পাৰে।
এই ৰাসায়নিক পদাৰ্থই মহিলাৰ শৰীৰত থকা ইষ্ট্ৰজেন হৰম’নৰ কাৰ্য্যত প্ৰভাৱ পেলাব পাৰে আৰু টিউমাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কিন্তু গৱেষণাৰ পৰা এইটোও কোৱা হৈছে যে এই বিষয়ত মানৱ অধ্যয়ন সীমিত আৰু তথ্যসমূহ একেদৰে স্পষ্ট নহয়। এই সামগ্ৰীসমূহে কেন্সাৰ সৃষ্টি কৰে বুলি দাবী কৰা হোৱা নাই যদিও তথাপিও সীমিত পৰিমাণত ব্যৱহাৰ কৰাটো ভাল।
কম বয়সতে কিয় স্তন কেন্সাৰ হয়?
দিল্লীৰ আৰ এম এল হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ ছাল’নী চাধাই কৈছে যে প্ৰসাধন সামগ্ৰীয়ে ছালৰ ক্ষতি কৰিব পাৰে যদিও ইয়াৰ সৈতে স্তন কেন্সাৰৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। তথাপিও এই সামগ্ৰীসমূহৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে।ডাঃ ছাল’নীয়ে কয় যে, কম বয়সতে স্তন কেন্সাৰ হোৱাৰ মূল কাৰণ হ’ল খাদ্যাভ্যাস বেয়া আৰু জীৱনশৈলী বিঘ্নিত। ধূমপান আৰু মদ্যপানৰ পৰিমাণো মহিলাৰ মাজত বৃদ্ধি পাইছে, যিবোৰ এই কেন্সাৰৰ বিপদজনক কাৰক।
ডাঃ ছাল’নীয়ে লগতে কয় যে, ৩৫ৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলা এই কেন্সাৰৰ বলি হোৱাৰ বহু ঘটনা আছে। পূৰ্বে এই বয়সত কৰ্কট ৰোগত আক্ৰান্ত হোৱাটো বিৰল আছিল। ডাঃ ছাল’নীৰ মতে কম বয়সত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হ’ল আগৰ তুলনাত এতিয়া ৰোগ ধৰা পেলোৱা ব্যৱস্থা উন্নত হৈছে, আৰু মহিলাসকল এই ৰোগৰ প্ৰতি অধিক সচেতন হৈ পৰিছে।
স্তন কেন্সাৰৰ লক্ষণসমূহ কি কি?
স্তনৰ ভিতৰত বা চাৰিওফালে গোট গঠন
স্তনৰ আকাৰ বা আকৃতিৰ পৰিৱৰ্তন
স্তনৰ ছালত গাত
নিপলটো ভিতৰলৈ সোমাই যোৱা