শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Zubeen Garg: জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ 'মোৰ মনে' গীতটি মুকলি

Zubeen Garg: জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ ‘মোৰ মনে’ গীতটি মুকলি

Barasha Misra
Barasha Misra | Published: 07 Oct 2025 19:20 PM

আজি ছবিখনৰ 'মোৰ মনে' নামৰ জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অডিও প্লেটফৰ্মত মুকলি কৰা হৈছে। এতিয়া ছবিখনৰ আধৰুৱা সকলো কাম প্ৰায় সম্পূৰ্ণ হৈছে। ছবিখন জুবিন গাৰ্গে আশা কৰা মতেই ৩১ অক্টোবৰতেই মুকলি কৰা হ'ব।

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। আজি কিছু অংশ ৰি-শ্বুট কৰা হৈছে। ছবিখন চাওঁতেই এই অংশখিনি জুবিন গাৰ্গে অপছন্দ কৰিছিল। সেয়ে আকৌ সেই অংশৰ শ্বুটিং কৰা হৈছে বুলি পৰিচালক ৰাজেশ ভূঞাই মন্তব্য কৰিছে।

আজি ছবিখনৰ ‘মোৰ মনে’ নামৰ জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অডিও প্লেটফৰ্মত মুকলি কৰা হৈছে। এতিয়া ছবিখনৰ আধৰুৱা সকলো কাম প্ৰায় সম্পূৰ্ণ হৈছে। ছবিখন জুবিন গাৰ্গে আশা কৰা মতেই ৩১ অক্টোবৰতেই মুকলি কৰা হ’ব।