শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰে'লৰ ডবাত লিখা থকা ৫ টা নম্বৰৰ অৰ্থ কি জানেনে? জানক...

ৰে’লৰ ডবাত লিখা থকা ৫ টা নম্বৰৰ অৰ্থ কি জানেনে? জানক…

Barasha Sarma
Barasha Sarma | Edited By: Barasha Misra | Updated On: 07 Oct 2025 19:28 PM

India Railway: আপুনি ৰে'লত উঠি পাইছেনে যদি পাইছে নিশ্চয় ডবাটোত সংখ্যা বা বৰ্ণমালা লিখা থকা দেখা পাইছে। পিছে কিয় লিখা থাকে এনেকৈ, ইয়াৰ অৰ্থ কি জানেনে?

আপুনি নিশ্চয় ৰে’লৰ যোগেদি ভ্ৰমণ কৰি পাইছে! এই সময়ত আপুনি ডবাত লিখা থকা নম্বৰ বা বৰ্ণমালা লক্ষ্য কৰিছেনে? প্ৰতিটো ডবাত ৫ টা অংকৰ এটা সংখ্যা লিখা থাকে। কেতিয়াবা বৰ্ণমালা লিখা থাকে। পিছে ইয়াৰ অৰ্থ কি জানেনে? প্ৰতিটো সংখ্যা আৰু বৰ্ণমালাৰ আছে বেলেগ বেলেগ অৰ্থ।

ডবা এটাৰ প্ৰথম দুটা সংখ্যাই নিৰ্মাণৰ বছৰটো সূচায়। উদাহৰণস্বৰূপে, যদি কোনো ডবা এটাৰ নম্বৰ ০৪৫২৪ হয়, তেন্তে ডবাটো ২০০৪ চনত নিৰ্মাণ কৰা হৈছিল। একেদৰে ‘৮৪’ মানে ১৯৮৪ চনত নিৰ্মাণ কৰা হৈছিল। যদি বৰ্ণমালা লিখা থাকে তেন্তে ইয়াৰো থাকে বিশেষ অৰ্থ।

যদি ডবাত  ‘L’ থাকে তেন্তে সেয়া নতুন প্ৰযুক্তিৰ এল এইচ বি কোচ। ইয়াৰ বিষয়ে জানিলে আপুনি এয়া গম পাব যে কেতিয়া ৰে’লৰ ডবাটো নিৰ্মাণ কৰা হৈছিল।