শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া? তিনিচুকীয়াত বিশেষ ইংগিত মুখ্যমন্ত্ৰীৰ

ছয় জনগোষ্ঠী- মৰাণ, মটক, আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনজাতিয়ে বছৰ বছৰ ধৰি অনুসূচিত জনজাতিৰ স্বীকৃতি বিচাৰি আহিছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সময়ত সমৰ্থন প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে কোনো চৰকাৰে এই মৰ্যাদা প্ৰদান কৰা নাই।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া? তিনিচুকীয়াত বিশেষ ইংগিত মুখ্যমন্ত্ৰীৰ
জনজাতিকৰণক লৈ চৰকাৰৰ স্থিতি কি?Image Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 07 Oct 2025 20:01 PM

ছয় জনগোষ্ঠীক অনুসূচিত জনজাতি (ST) মৰ্যাদাৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত তিনিচুকীয়াত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়টো নীৰিক্ষণ কৰি থকা অসম চৰকাৰৰ মন্ত্ৰী গোটে অহা ২৫ নৱেম্বৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। এই প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ’ব, আৰু সদনত হোৱা আলোচনাৰ ভিত্তিত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব বুলিও শৰ্মাই লগতে কয়।

ছয় জনগোষ্ঠী- মৰাণ, মটক, আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনজাতিয়ে বছৰ বছৰ ধৰি অনুসূচিত জনজাতিৰ স্বীকৃতি বিচাৰি আহিছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সময়ত সমৰ্থন প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে কোনো চৰকাৰে এই মৰ্যাদা প্ৰদান কৰা নাই। প্ৰতিটো নিৰ্বাচনতেই এই বিষয়টো ৰাজনৈতিক দলৰ বাবে এটা টোপ হৈ আহিছে যদিও আজিকোপতি সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই চৰকাৰে।

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘আমাৰ চৰকাৰে বিষয়টো চোৱাচিতা কৰিবলৈ এখন GoM গঠন কৰিছিল। ২৫ নৱেম্বৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। তাৰ পিছত ইয়াক বিধানসভাত উত্থাপন কৰি আলোচনাৰ বাবে লোৱা হ’ব। বিধানসভাত লোৱা সিদ্ধান্তৰ ভিত্তিত বিষয়টো আগবঢ়াই নিয়া হ’ব।”

তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ শাসনৰ সময়তো একেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, য’ত কোৱা হৈছিল যে এই ছটা সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে বৰ্তমানৰ অনুসূচিত জনজাতীয় গোটসমূহে ইতিমধ্যে লাভ কৰা সুবিধাসমূহৰ ওপৰত প্ৰভাৱ পৰিব নালাগে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে জটিলতা সম্পৰ্কে স্বীকাৰ কৰে।

তেওঁ কয়, ‘‘বিষয়টো পৰীক্ষা কৰাৰ পিছত আমি দেখিছোঁ যে কোনোবা নহয় কোনোবা প্ৰকাৰে কিছু সুবিধা আৰু কিছু অশান্তি হ’ব। বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাৱটোত কিছু সংশোধনৰ প্ৰয়োজন হ’ব পাৰে। সেইবাবেই আমি প্ৰতিবেদন অহালৈকে অপেক্ষা কৰিব লাগিব।’’

প্ৰথমতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত GoM গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ মন্ত্ৰী গোট গঠন কৰা হৈছিল।

২০২৬ চনৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ছয় জনগোষ্ঠীয়ে প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে। যোৱা মাহত মৰাণ, মটক, আৰু কোচ-ৰাজবংশী গোটে নিজৰ দাবীত পথ অৱৰোধ আৰু বিক্ষোভ চলাইছিল। এতিয়াও সেই দাবী লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে জনগোষ্ঠী কেইটাই। এইবাৰ তেওঁলোকৰ দাবী চৰকাৰে পূৰণ কৰে নে নকৰে, নে পুনৰ ই এক ৰাজনৈতিক প্ৰতিশ্ৰুতি হৈ ৰয় সেয়া অৱশ্যেই লক্ষণীয় হ’ব।