শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: পলকতে পঢ়ক আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

আজি ২৪ আগষ্ট দেওবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: পলকতে পঢ়ক আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
barasha-misra
Barasha Misra | Updated On: 24 Aug 2025 06:58 AM

আজি ২০ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. মহানগৰীৰ লাচিত নগৰৰ এজন ছাত্ৰক অপহৰণ । চাৰিচকীয়া বাহনৰে আহি কৰে ছাত্ৰ জনক। অৱশেষত আৰক্ষীয়ে উদ্ধাক কৰে অপহৃত ছাত্ৰজনক।
  2. ডুৰাণ্ড কাপত একেৰাহে দ্বিতীয়বাৰলৈ চেম্পিয়ন হ’ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি। প্ৰতিদ্বন্দ্বী DHFCক ৬-১ গলৰ ব্যৱধানত পৰাজিত কৰে। খেলৰ ২২ মিনিটত প্ৰথমটো গল দিয়ে নৰ্থ-ইষ্ট ইউনাইটেড FCয়ে। ডায়মণ্ড হাৰ্বাৰ এফ চিক পৰাস্ত কৰি খিতাপ অৰ্জন NEUFCৰ।
  3. থিয়েটাৰৰ মঞ্চত অঘটন! কহিনুৰ থিয়েটাৰৰ মঞ্চত ‘টাইটানিক’ চলি থাকোতেই কাৰিকৰী বিজুতি। জুইৰ ক’লা ধোঁৱাই ছানি ধৰে প্ৰেক্ষাগৃহ।
  4. মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্রদান। শনিবাৰে মৰিগাঁও জিলাৰ জাগী ভকতগাঁওস্থিত ড্রীমলেণ্ড খেলপথাৰত আয়োজিত এক বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই। মুখ্যমন্ত্রীয়ে কয়, “আজি জাগীৰোড সমষ্টিৰ বাবে এক অতি আনন্দৰ দিন।”
  5. গোৱালপাৰাৰ ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত শনিবাৰে পুৱাৰে পৰা জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধুপতোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকান সমূহত চলোৱা হয় উচ্ছেদ।
  6. আইনত পৰিণত হ’ল অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫। বিধেয়কখনে বুধবাৰে লোকসভাত অনুমোদন লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে ৰাজ্যসভাত অনুমোদন লাভ কৰে। ইয়াৰ পাছতে বিধেয়কখনক অৱশেষত শুকুৰবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।
  7. দেশৰ ১২ গৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰ্তমানৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীয়ে দিয়া শপতনামাৰ বিশ্লেষণ কৰা হৈছে। মুখ্যমন্ত্ৰীসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্বে দাখিল কৰা শপতনামাৰ পৰা এই তথ্য লোৱা হৈছে বুলি এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰিছে।
  8. আমেৰিকা চৰকাৰে ঘোষণা কৰা নতুন নিয়মৰ পিছত আমেৰিকালৈ ডাকযোগে যোৱা সামগ্ৰীসমূহ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে। এই সিদ্ধান্ত ২০২৫ চনৰ ২৫ আগষ্টৰ পৰা বেছিভাগ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
  9. অসমত চলি থকা উচ্ছেদৰ বিৰোধিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা মাহমুদ মাদানীয়ে। মৰিগাঁৱত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জমিয়তৰ মুৰব্বী মাদানীক বুঢ়া আঙুলি প্ৰদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।