24 Aug 2025
TV9 ASSAM
আজিৰ দিনত প্ৰায় সংখ্যক লোকৰে মেদবহুলতাৰ সমস্যাৰ আছে । ইয়াৰ আঁৰৰ এটা কাৰণ হৈছে বেয়া জীৱনশৈলী আৰু অত্যধিক মাত্ৰাত জাংক ফুড খোৱা ।
সুস্থ হৈ থাকিবলৈ ওজন নিয়ন্ত্ৰণৰ অতি প্ৰয়োজন। বহুতে ওজন কমাবলৈ চেষ্টা কৰে, কিন্তু ওজন হ্ৰাস কৰাত সফল নহয় ।
যদি আপুনি ওজন নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেন্তে পুৱাই এই কাম কৰক।
ওজন কমাবলৈ আৰু সুস্থ হৈ থাকিবলৈ ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অৱশ্যে ৰাতি ৭-৮ ঘন্টা টোপনি যোৱাটো জৰুৰী।
প্ৰতিদিনে ৰাতিপুৱা সাৰ পোৱাৰ পিছত কুহুমীয়া গৰম পানী খাব লাগে । ইয়াৰ বাহিৰেও আপুনি পানীত নেমুৰ ৰস দি পান কৰিব পাৰে।
যদি ৱৰ্কআউট বা যোগাসন কৰিবলৈ সময় নাপায়, তেন্তে দৈনিক খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক আৰু প্ৰতিদিনৰ বাবে এটা সময় নিৰ্ধাৰণ কৰক ।
যদি ওজন কমাব বিচাৰে, তেন্তে খাদ্যৰ পৰা অস্বাস্থ্যকৰ চৰ্বি হ্ৰাস কৰক আৰু খাদ্যত প্ৰটিন সমৃদ্ধ বস্তু অন্তৰ্ভুক্ত কৰক।
পঢ়িবলৈ ক্লিক কৰক