শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Cheteshwar Pujara: ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱালঃ ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই

Cheteshwar Pujara Retirement: প্ৰখ্যাত ইংৰাজ ক্ৰীড়া সাংবাদিক তথা ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ হেনৰী ব্ল’ফেল্ডে কৈছিল, "এদিনীয়া ক্ৰিকেট এখন প্ৰদৰ্শনী। পিছে টেষ্ট ক্ৰিকেট এক পৰীক্ষা।” এই পৰীক্ষাৰে যেন এক সফল পৰীক্ষাৰ্থী চেটেশ্বৰ পূজাৰা।

Cheteshwar Pujara: ভংগ হ’ল ভাৰতীয় ক্ৰিকেটৰ আন এক দেৱালঃ ক্ৰিকেটক বিদায় জনালে চেটেশ্বৰ পূজাৰাই
অৱসৰ ঘোষণা পূজাৰাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 24 Aug 2025 12:44 PM

টেষ্ট ক্ৰিকেটক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ ভিতৰত শ্ৰেষ্ঠতম হিচাপে বিবেচিত এই ফৰ্মেট ক্ৰিকেট বিশেষজ্ঞৰ মতে টেষ্টেই হৈছে তিনিওটা ফৰ্মেটৰ ভিতৰত আটাইতকৈ সৌন্দৰ্যশালী এই শ্ৰেষ্ঠতম আৰু সৌন্দৰ্যশালী ফৰ্মেটটোৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰি তুলিছে ক্ৰিকেট বিশ্বৰ কেইবাগৰাকীও তাৰকাই প্ৰখ্যাত ইংৰাজ ক্ৰীড়া সাংবাদিক তথা ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ হেনৰী ব্লফেল্ডে কৈছিল, “এদিনীয়া ক্ৰিকেট এখন প্ৰদৰ্শনী। পিছে টেষ্ট ক্ৰিকেট এক পৰীক্ষাএই পৰীক্ষাৰে যেন এক সফল পৰীক্ষাৰ্থী চেটেশ্বৰ পূজাৰা

ভাৰতীয় ক্ৰিকেটে এইপৰ্যন্ত ক্ৰিকেট বিশ্বত সুকীয়া ইতিহাস গঢ়ি তুলিব পৰাকৈ কেইবাগৰাকীও মহাতাৰকাৰ জন্ম দিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ কথাই স্বাভাৱিকতেই এইক্ষেত্ৰত প্ৰথমে আহিব কিন্তু যেতিয়াই টেষ্ট ক্ৰিকেটৰ কথা আহে, তেতিয়াই ক্ৰিকেট প্ৰেমীৰ মনলৈ আহে এক অভিধাদ্য ৱাল আৰু সেই অভিধাবাহক তাৰকা ৰাহুল দ্ৰাবিড়ৰ নাম

পিছে দ্ৰাবিড়ৰ অৱসৰৰ পিছত এইৱালঅভিধাক যৎকিঞ্চিৎ লেও বহন কৰি আহিছিল চেটেশ্বৰ পূজাৰাই টেষ্ট ফৰ্মেটত প্ৰায় এটা দশক ধৰি পূজাৰাই ভাৰতীয় বেটিং লাইন আপতদেৱাল ভূমিকা পালন কৰি আহিছে ২২ গজত পূজাৰাই থিয় দিয়া মানেই বিপক্ষৰ বলাৰৰ দেহ হৈ পৰে ভাগৰুৱা পিছে যোৱা প্ৰায় দুই বছৰ ধৰি পূজাৰা আছিল দলৰ বাহিৰত

আৰু এতিয়া চিৰদিনৰ বাবে ২২ গজৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আজি নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পূজাৰাই সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে এইদৰে সুদীৰ্ঘ ২০ বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ সামৰণি মাৰে চেটেশ্বৰ পূজাৰাই। এই দুই দশকজোৰা কেৰিয়াৰত পূজাৰাই ১৩ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো নিজৰ প্ৰতিভাৰে সকলোকে মুগ্ধ কৰি ৰাখে।

ইনষ্টাগ্ৰামত নিজৰ অৱসৰৰ সিদ্ধান্ত সদৰী কৰি পূজাৰাই কয়, “ভাৰতৰ জাৰ্চি পিন্ধি, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আওৰাই আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিলেই নিজৰ শ্ৰেষ্ঠখিনি উজাৰি দিয়াৰ আবেগ, এই সকলোবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। মোৰ বাবে সেই সকলোবোৰ গুৰুত্বপূৰ্ণ। কিন্তু, প্ৰতিটো ভাল কামৰে অন্ত থাকে। মইও সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো।

উল্লেখ্য যে ২০০৫ চনত ঘৰুৱা ক্ৰিকেটত চেতেশ্বৰ পূজাৰাই কেৰিয়াৰৰ প্ৰথমখন মেচ খেলিছিল। আনহাতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুজৰাটৰ বিৰুদ্ধে তেওঁ খেলে প্ৰথম শ্ৰেণী ক্ৰিকেটৰ অন্তিমখন মেচ। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল পূজাৰাই বেংগালুৰুত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটোৱা পূজাৰাই ২০১৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া অভিষেক ঘটায়।

অৱশ্যে টেষ্ট বিশেষজ্ঞ হিচাপে খ্যাতি অৰ্জা পূজাৰাৰ এদিনীয়া কেৰিয়াৰ বেছি দিন আগনাবাঢ়িল নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ খেলে মাত্ৰ খন এদিনীয়া মেচ সংগ্ৰহ কৰে মাত্ৰ ৫১ ৰান আনহাতে টেষ্ট কেৰিয়াৰত তেওঁ ভাৰতীয় দলক ১০৩ খন মেচত প্ৰতিনিধিত্ব কৰে এই সময়ছোৱাত তেওঁ ১৯টা শতকৰ সহায়েৰে ৪৩.৬০ গড়ে ,১৯৫ ৰান সংগ্ৰহ কৰে

ভাৰতীয় টেষ্ট ইতিহাসৰ অন্যতম এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত লেও অৱশ্যে পূজাৰাই প্ৰায় দুই বছৰ ধৰি দলত স্থান পোৱা নাছিল ২০২৩ চনৰ জুনতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেৰিয়াৰৰ অন্তিমখন টেষ্ট তথা আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। সামগ্ৰিকভাৱে ২০ বছৰীয়া কেৰিয়াৰত তেওঁ ২৭৮ খন প্ৰথম শ্ৰেণীৰ মেচ, ১৩০ খন লিষ্ট এ আৰু ৭১ খন টি-২০ মেচ খেলিছে।

প্ৰথম শ্ৰেণীত তেওঁ ৬৬টা শতকৰে ২১,৩০১ ৰান সংগ্ৰহ কৰিছে। একে সময়তে তেওঁ লিষ্ট এ ক্ৰিকেটত ১৬টা শতকৰে ৫,৭৫৯ ৰান সংগ্ৰহ কৰিছে। টি-২০তো তেওঁ ১ শতকৰে ১,৫৫৬ ৰান সংগ্ৰহ কৰে। বিগত সময়ছোৱাত ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পিছত পূজাৰাৰ কেৰিয়াৰো প্ৰায় সন্দেহৰ মাজত সোমাই পৰিছিল। চলিছিল সম্ভাৱ্য অৱসৰৰ আলোচনা। অৱশেষত আজি পূজাৰাই নিজৰ অনুৰাগীলৈ দিলে এই গুৰুত্বপূৰ্ণ বাৰ্তা।