নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ বিৰোধীতাৰ পৰা ট্ৰাম্পৰ শুল্ক সংশোধনীলৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ
দিনটোত ঘটা বহু ঘটনাই খবৰৰ শীৰ্ষস্থান দখল কৰে। আজিৰ দিনটোটো এনে বহু ঘটনা সংঘটিত হৈছে। পঢ়ক দিনটোৰ এনে ৯টা গুৰুত্বপূৰ্ণ খবৰ...

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰImage Credit source: social media
বিদেশী সমস্যাক লৈ পুনৰ সৰৱ হৈ পৰিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ ৰাজ্য চৰকাৰে বলপূৰ্ব্বকভাৱে কা আইন বলৱৎ কৰিব বিচৰাৰ লগতে শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে বিদেশীক বৰপীৰা পাৰি দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ কৰে গগৈয়ে ৷ মানৱ সৰবৰাহৰ বিৰুদ্ধে সফল অভিযান অসম আৰক্ষীৰ। অসমৰ কাৰ্বি আংলং আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিবছৰ পূৰ্বে দিল্লী আৰু ৰাজস্থানত বিক্ৰী হোৱা বকলিয়াঘাটৰ এগৰাকী মাতৃ আৰু নাবালিকা কন্যাকে ধৰি একাধিক ভুক্তভোগীক। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
- চৰকাৰত থাকিলেও নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্তক মানি নলয় অসম গণ পৰিষদে। শনিবাৰে এক সংবাদমেলযোগে এই ঘোষণা কৰে অগপ নেতৃত্বই। শেহতীয়াকৈ কেন্দ্ৰই ইমিগ্ৰেচন ফৰেইনাৰ্ছ বিল ২০২৫ ৰ অধীনত অ-মুছলমান অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব আৱেদনৰ ভিত্তিবৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধি কৰে। এই নিৰ্দেশনাৰ আওতাৰ পৰা অসমক বাদ দিবলৈ দাবী জনাইছে অগপই। এই সন্দৰ্ভত সৰ্বোচ্চ ন্য়য়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনায় দলটোৱে।
- বিদেশী সমস্যাক লৈ পুনৰ সৰৱ হৈ পৰিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ ৰাজ্য চৰকাৰে বলপূৰ্ব্বকভাৱে কা আইন বলৱৎ কৰিব বিচৰাৰ লগতে শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে বিদেশীক বৰপীৰা পাৰি দিয়াৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ কৰে গগৈয়ে ৷ মুখ্যমন্ত্ৰীয়ে নিজৰ সংকট মোচন কৰিবলৈকে এনে কৰ্মকাণ্ড কৰাৰ লগতে দিল্লীৰ ওচৰত আঁঠু ল’বলৈ বাধ্য হোৱা বুলি কটাক্ষ অজাপৰ সভাপতিগৰাকীৰ।
- মানৱ সৰবৰাহৰ বিৰুদ্ধে সফল অভিযান অসম আৰক্ষীৰ। অসমৰ কাৰ্বি আংলং আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিবছৰ পূৰ্বে দিল্লী আৰু ৰাজস্থানত বিক্ৰী হোৱা বকলিয়াঘাটৰ এগৰাকী মাতৃ আৰু নাবালিকা কন্যাকে ধৰি একাধিক ভুক্তভোগীক। ৰাজ্যত গোপনে চলি থকা সংগঠিত মানৱ সৰবৰাহৰ ৰেকেটক দমন কৰাৰ ক্ষেত্ৰত জিলা আৰক্ষীৰ বাবে এই উদ্ধাৰ এক উল্লেখযোগ্য সফলতা।
- প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক মণিপুৰ ভ্ৰমণৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছ। গৌৰৱ গগৈৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুবছৰ পূৰ্বেই মণিপুৰ ভ্ৰমণ কৰিব লাগিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে মণিপুৰৰ ৰাইজৰ ওচৰত যোৱা দুবছৰ ধৰি ৰাজ্যখনলৈ নহাৰ বাবে ক্ষমা খোজা উচিত বুলিও তেওঁ মন্তব্য কৰে।
- অহা ১৩ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশ ল’ব প্ৰদানমন্ত্ৰীয়ে। ১৩ ছেপ্টেম্বৰৰ বিয়লি ৫ বজাত খানাপাৰাৰ অনুষ্ঠানত। এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ১১০০ লোক সমবেত হ’ব। আজি বিমল বড়াই পৰিদৰ্শন কৰে সভাস্থলী।
- চলিত মাহত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা। সেই সময়তেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বৈঠকৰ আশা কৰা হৈছিল। কিন্তু সেই বৈঠক অনুষ্ঠিত নহয়। কাৰণ এইবাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উপস্থিত নাথাকিব প্ৰধানমন্ত্ৰী মোদী। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মোদীৰ পৰিৱৰ্তে ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ দেশসমূহৰ ওপৰত আৰোপ কৰা শুল্কত কিছু পৰিৱৰ্তন কৰিছে। তেওঁ পাৰস্পৰিক শুল্কৰ পৰা কিছুমান সামগ্ৰী বাদ দিছে, অৰ্থাৎ এতিয়া ট্ৰাম্পৰ পাৰস্পৰিক শুল্ক কেৱল কিছুমান নিৰ্বাচিত সামগ্ৰীৰ ওপৰতহে কাৰ্যকৰী হ’ব। হোৱাইট হাউছে জনোৱা মতে, নতুন অৰ্ডাৰত এলুমিনিয়াম হাইড্ৰ’ক্সাইড, ৰেজিন আৰু ছিলিকন সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰা হ’ব।
- বকলীয়াঘাটত ৰাইজে খেদি খেদি কৰায়ত্ব কৰে তিনিটাকৈ গৰু চোৰক। বহু দিনৰ পৰা আৰক্ষী আৰু স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছিল এই তিনি গৰু চোৰে। স্থানীয় ৰাইজৰ সহযোগত বকলীয়াঘাট আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ব চোৰ তিনিটাক। ধৃত চোৰ তিনিটা ক্ৰমে আব্দুল ৰহমান, মফিকুৰ ৰহমান আৰু চুলেমান আলি ৷ তিনিওৰে ঘৰ কাকীৰ টঙীয়াত বুলি জানিব পৰা গৈছে। চোৰ তিনিটাৰ পৰা এখন মাৰুতি ইক’ ভান আৰু এজনী গাই গৰু জব্দ কৰে আৰক্ষীয়ে।
- কৰিমগঞ্জৰ নাম সলনি কৰি শ্ৰীভূমি হিচাপে নামকৰণ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বদপুৰ এন চি কলেজৰ শিক্ষাৰ্থী আৰু একাংশ লোকে। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে ১২ ঘন্টীয়া বন্ধৰো আহ্বান জনায় প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদৰ মাজতেই শতাধিক প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।