শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
BSNL এ আনিছে Diwali Bonanza অফাৰ, মাত্ৰ ১ টকাত ১ মাহৰ বিনামূলীয়া 4G সেৱা লাভ কৰক!

BSNL এ আনিছে Diwali Bonanza অফাৰ, মাত্ৰ ১ টকাত ১ মাহৰ বিনামূলীয়া 4G সেৱা লাভ কৰক!

barasha-misra
Barasha Misra | Published: 17 Oct 2025 21:25 PM

বৈধ কেৱাইচি নথিপত্ৰৰ সৈতে আপোনাৰ ওচৰৰ BSNL গ্ৰাহক সেৱা কেন্দ্ৰ (চিএছচি)লৈ যাওক। দীপাৱলী বোনাঞ্জা পৰিকল্পনাৰ বাবে অনুৰোধ কৰক (১টকা এক্টিৱেচন), কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক, আৰু বিনামূলীয়া চিম লাভ কৰক। আপোনাৰ ফোনত চিমটো সুমুৱাই দি নিৰ্দেশনা অনুসৰি সক্ৰিয় কৰক। এবাৰ চিম সক্ৰিয় হ’লে আপোনাৰ ৩০ দিনৰ বিনামূলীয়া সুবিধা আৰম্ভ হ’ব।

দেশৰ চৰকাৰী টেলিকম কোম্পানী BSNL এ দীপাৱলীৰ বাবে এক বিশেষ অফাৰ মুকলি কৰিছে। নতুন গ্ৰাহকে এতিয়া এমাহৰ বাবে মাত্ৰ ১ টকাত টোকেন মাচুলত 4G মোবাইল সেৱাৰ সুবিধা ল’ব পাৰিব। এই দীপাৱলী বোনান্সা অফাৰ ১৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰ ২০২৫লৈ বৈধ হ’ব। এই পৰিকল্পনাত আছে সীমাহীন ভইচ কল, প্ৰতিদিনে ২জিবি হাই-স্পীড ডাটা, প্ৰতিদিনে ১০০টা এছএমএছ মেছেজ, আৰু কেৱাইচিৰ প্ৰয়োজনীয়তা অনুসৰি বিনামূলীয়া চিম কাৰ্ড।

BSNL ৰ চিএমডি এ ৰবাৰ্ট জে ৰবিয়ে কয়, “বিএছএনএলে সমগ্ৰ দেশতে মেক-ইন-ইণ্ডিয়া প্ৰযুক্তিৰে নিৰ্মিত এটা নতুন ৪জি নেটৱৰ্ক মুকলি কৰিছে, যিয়ে স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈছে। দীপাৱলী বোনাঞ্জা পৰিকল্পনাৰ অধীনত , আমি প্ৰথম ৩০ দিনৰ বাবে একেবাৰে বিনামূলীয়া সেৱা চাৰ্জ প্ৰদান কৰিছো যাতে গ্ৰাহকে আমাৰ থলুৱা 4G নেটৱৰ্ক অনুভৱ কৰিব পাৰে। আমি নিশ্চিত যে আমাৰ সেৱাৰ মানদণ্ড, কভাৰেজ, আৰু গ্ৰাহকৰ আস্থা আমাৰ লগত থাকিব।’

দীপাৱলী বোনাঞ্জা প্লেন কেনেকৈ লাভ কৰিব?