এইকেইবিধ ড্ৰাই ফ্ৰুটছৰ দ্বাৰা সকাহ পাব ইউৰিক এছিডৰ সমস্যাত

17 Oct 2025

TV9 ASSAM

ইউৰিক এছিডৰ সমস্যা এতিয়া আন বহু ৰোগৰ দৰেই এক চিন্তনীয় সমস্যা হৈ পৰিছে। ইউৰিক এছিডৰ বাবে গাউট, কিডনী ষ্ট’ন আদি সমস্যাই দেখা দিব পাৰে।

ইউৰিক এছিড

ইউৰিক এছিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সঠিক খাদ্যাভ্যাসৰ প্ৰতি ধ্যান দিয়াটো অতি প্ৰয়োজনীয়। কিছুমান ড্ৰাই ফ্ৰুটছ এইক্ষেত্ৰত আপোনাৰ সহায়ক হ’ব পাৰে।

খাদ্যাভ্যাস

প্ৰচুৰ পৰিমাণে পটাছিয়ামেৰে সমৃদ্ধ খেজুৰে দেহত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখি ইউৰিক এছিড নিয়ন্ত্ৰণ কৰে। খেজুৰত উপলব্ধ এণ্টিঅক্সিডেণ্টে গাঁঠিৰ কলাক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে।

খেজুৰ

স্বাস্থ্যকৰ চৰ্বি, জিংক, মেগনেছিয়াম থকা কাজুৱে গাঁঠিৰ নমনীয়তা বৃদ্ধি কৰে। কম পৰিমাণে কাজু খালে ইউৰিক এচিডৰ বিপাকক্ৰিয়া উন্নত হোৱাৰ লগতে প্ৰদাহ হ্ৰাস হয়।

কাজু

আখৰোটত ওমেগা-৩ ফেটি এচিড যথেষ্ট পৰিমাণে উপলব্ধ বাবে গাঁঠিৰ প্ৰদাহ বা বিষ হ্ৰাস কৰাত সহায়ক। পিউৰিন কম পৰিমাণে থাকে বাবে অতিৰিক্ত ইউৰিক এচিড উৎপন্ন নহয়।

আখৰোট

মেগনেছিয়াম আৰু প্ৰটিনেৰে সমৃদ্ধ আলমণ্ড গাঁঠিৰ প্ৰদাহ হ্ৰাসত সহায়ক হয়। এইবিধ ড্ৰাই ফ্ৰুটতো পিউৰিন কম পৰিমাণে থাকে বাবে ইউৰিক এচিড নিয়ন্ত্ৰণ সম্ভৱপৰ হয়।

আলমণ্ড

পঢ়িবলৈ ক্লিক কৰক 

মূলাৰ পাতত  আছে দেহৰ উপকাৰী এনে গুণ