শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰৰ পৰা সেউজ সংকেত, দিনটোৰ শীৰ্ষ খবৰ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰৰ পৰা সেউজ সংকেত, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 16 Oct 2025 23:31 PM

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা তদন্তকাৰী সংস্থা চি আই ডি তথা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা তদন্তৰ বাবে ছিংগাপুৰলৈ যাব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুন্না প্ৰসাদ গুপ্তাই অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা তদন্তকাৰী সংস্থা চি আই ডি তথা বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা তদন্তৰ বাবে ছিংগাপুৰলৈ যাব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুন্না প্ৰসাদ গুপ্তাই অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ’ব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে

ইফালে বুধবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুই প্ৰধান অভিযুক্তক বাক্সালৈ নিয়াৰ পিছতে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত চৰকাৰ তথা আৰক্ষীক কঠোৰ সমালোচনা কৰিছে শৃংখল চলিহা আৰু আটাছুৰ সভাপতি বসন্ত গগৈয়ে। দুয়োগৰাকী নেতাই প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে লাঠী চালনা কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।