শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এয়া পৰিয়াল আৰু অসমবাসীৰ অধিকাৰ, জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাহুল গান্ধীৰ বিশেষ মন্তব্য

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ চলি থকা আন্দোলন সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ স্পষ্ট মত, ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি ঘটিল সেই বিষয়ে পৰিয়াল আৰু অসমবাসীৰ জনাৰ অধিকাৰ আছে।

এয়া পৰিয়াল আৰু অসমবাসীৰ অধিকাৰ, জুবিন গাৰ্গৰ ন্যায়ক লৈ ৰাহুল গান্ধীৰ বিশেষ মন্তব্য
জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে ৰাহুল গান্ধী
monjit-dutta
Monjit Dutta | Updated On: 17 Oct 2025 21:52 PM

অসমীয়াৰ হিয়াৰ আমঠু ৰাহুল গান্ধীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে আজি এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। প্ৰয়াত শিল্পীগৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে তেওঁ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালক সাক্ষাৎ কৰে। ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত কংগ্ৰেছ নেতাগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ চলি থকা আন্দোলন সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ স্পষ্ট মত, ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি ঘটিল সেই বিষয়ে পৰিয়াল আৰু অসমবাসীৰ জনাৰ অধিকাৰ আছে। যিমান সোনকালে সম্ভৱ, সত্য প্ৰকাশ পোৱা উচিত বুলিও তেওঁ মত প্ৰকাশ কৰে। দ্রুত আৰু স্বচ্ছতাৰে এই ঘটনাৰ তদন্ত কৰি ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল, সেই বিষয়ে পৰিয়ালক সঠিকভাৱে অৱগত কৰাটো অসম চৰকাৰৰ কর্তব্য বুলিও তেওঁ কয়৷

জুবিন গাৰ্গৰ পিতৃ আৰু পত্নীক সাক্ষাতৰ পিছতে ৰাহুল গান্ধীয়ে কয়, “মই পৰিয়ালৰ সৈতে কথা পাতিলো আৰু তেওঁলোকে মাত্ৰ এটা কথা ক’লে – আমি আমাৰ জুবিনক হেৰুৱালো আৰু আমি মাথো সত্যটো স্পষ্ট হোৱাটো বিচাৰো।” জুবিন গাৰ্গৰ মৃত্যুৰ দৰে এক পৰিস্থিতিৰ বাবে অসমলৈ অহাটো তেওঁৰ বাবে অতি দুখজনক বুলি ৰাহুল গান্ধীয়ে মন্তব্য কৰে।

নিজৰ পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ সময়ত কাঞ্চনজংঘা পৰ্বতৰ প্ৰতি তেওঁৰ মনত সৃষ্টি হোৱা ভাৱৰ সৈতে জুবিন গাৰ্গৰ ব্যক্তিত্বৰো তুলনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। কাঞ্চনজংঘাৰ সৎ, স্বচ্ছ, অদম্য আৰু সুন্দৰ ছবিয়ে তেওঁক আকৰ্ষিত কৰা বুলি উল্লেখ কৰি তেওঁ কয়, “আজি মই ইয়ালৈ আহি থাকোঁতে গৌৰৱ গগৈয়ে জুবিন গাৰ্গে নিজকে কাঞ্চনজংঘা বুলি উল্লেখ কৰাৰ কথা জানিবলৈ দিয়ে।”

কাঞ্চনজংঘা পৰ্বতৰ দৰে গুণ থকাৰ বাবে জুবিন গাৰ্গ প্ৰকৃতাৰ্থত কাঞ্চনজংঘা আছিল বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয়, “জুবিন দা আছিল কাঞ্চনজুংগাৰ দৰে- সৎ, অটল আৰু সুন্দৰ। ভাৰত আৰু অসমে কেৱল এগৰাকী শিল্পীয়ে হেৰুওৱা নাই, অগণন হৃদয় স্পৰ্শ কৰা এক উচ্চ আত্মাক হেৰুৱাইছে।” তেওঁ লগতে এই দুখৰ সময়ত জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে থিয় দিছে আৰু সম্ভৱপৰ সকলো দিশতে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলিও উল্লেখ কৰে।

ইফালে ভাৰত ৰত্নৰে জুবিন গাৰ্গক সন্মান জনোৱা উচিত নেকি বুলিও ৰাহুল গান্ধীক প্ৰশ্ন কৰে সাংবাদিকে। এই প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে জনসাধাৰণে কৰি থকা আলোচনাৰ পৰা বিষয়টো আঁতৰাই নিব নিবিচাৰে বুলি উল্লেখ কৰে। “আমি তেওঁক সন্মান জনাব বিচাৰো আৰু সেয়া ইচ্ছা কৰিছো, কিন্তু প্ৰথমে আমি স্বচ্ছতা আৰু ন্যায় বিচাৰো।”- এইদৰে কয় ৰাহুল গান্ধীয়ে।