জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা ৰাহুল গান্ধীৰ অসম ভ্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ডাঙৰ তথ্য় প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। চাওক দিনটোৰ শীৰ্ষ খবৰ।
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ডাঙৰ তথ্য় প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যু স্বাভাৱিক বুলি প্ৰকাশ। কৰনাৰ এক্ট ২০১০ ৰ অধীনত হৈছে এই তদন্ত। জুবিনৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ সময় লাগিব প্ৰায় ৩ মাহ। ভুল তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান।
জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিয়ে আৰম্ভ কৰিব বিশেষ কাৰ্যসূচী। ময়ো জুবিন আমিও জুবিন শ্লোগানেৰে কৰিব অভিযান। অহা ২৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই অভিযান। কেম্পেইনৰ সময়ত প্ৰতিগৰাকী বিজেপি কৰ্মীয়ে নিজ গৃহত ৰোপন কৰিব নাহৰৰ পুলি।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আজি অসম চৰকাৰে গঠন কৰিছে এখন এজনীয়া তদন্ত আয়োগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এই তদন্ত আয়োগ গঠন। ১৯৫২ চনৰ তদন্ত আয়োগ অধিনিয়মৰ অধীনত কৰা হ’ব তদন্ত। এই তদন্ত আয়োগে অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ গোচৰটোৰ ন্যায়িক তদন্ত কৰিব।
চাওক দিনটোৰ শীৰ্ষ খবৰ