শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি শুকুৰবাৰ দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিনৰ মৃত্যুৰ তদন্তৰ শেহতীয়া আপডেটৰ পৰা আৰম্ভ কৰি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলালৈ পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
দিনটোৰ শীৰ্ষ খবৰ
manas-borah
Manas Borah | Published: 17 Oct 2025 20:52 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ডাঙৰ তথ্য় প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। একে সময়তে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিয়ে আৰম্ভ কৰিব বিশেষ কাৰ্যসূচী। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ডাঙৰ তথ্য় প্ৰকাশ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যু স্বাভাৱিক বুলি প্ৰকাশ। কৰনাৰ এক্ট ২০১০ ৰ অধীনত হৈছে এই তদন্ত। জুবিনৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ সময় লাগিব প্ৰায় ৩ মাহ। ভুল তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান।
  2. জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিজেপিয়ে আৰম্ভ কৰিব বিশেষ কাৰ্যসূচী। ময়ো জুবিন আমিও জুবিন শ্লোগানেৰে কৰিব অভিযান। অহা ২৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এই অভিযান। কেম্পেইনৰ সময়ত প্ৰতিগৰাকী বিজেপি কৰ্মীয়ে নিজ গৃহত ৰোপন কৰিব নাহৰৰ পুলি।
  3. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আজি অসম চৰকাৰে গঠন কৰিছে এখন এজনীয়া তদন্ত আয়োগ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এই তদন্ত আয়োগ গঠন। ১৯৫২ চনৰ তদন্ত আয়োগ অধিনিয়মৰ অধীনত কৰা হ’ব তদন্ত। এই তদন্ত আয়োগে অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ গোচৰটোৰ ন্যায়িক তদন্ত কৰিব।
  4. জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য়ে আজি অসমত উপস্থিত হয় ৰাহুল গান্ধী। সোণাপুৰৰ সমাধিস্থলত জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ পাছত তেওঁ উপস্থিত হয় জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত। পত্নী আৰু পিতৃক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
  5. যোৱা নিশা কাকপথাৰত সংঘটিত হয় গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। সেনাৰ ছাউনীত গ্ৰেণেড নিক্ষেপৰ লগতে গুলীচালনা কৰে আলফা স্বাধীনৰ সদস্যই। অপাৰেশ্যন প্ৰতিশোধ নামেৰে এই আক্ৰমণ চলায় নিষিদ্ধ ঘোষিত সংগঠনটোৱে। এই ঘটনাত তিনিজন সেনা জোৱান আহত।
  6. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙোৰ খোৱা আন দুই অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ন্যায়িক জিম্মালৈ প্ৰেৰণ। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুই অভিযুক্তক। দুয়োকে ৰখা হ’ব কাৰ্বি আংলং জিলাৰ হাফলং কাৰাগাৰত।
  7. মৰিগাঁৱৰ লাহৰীঘাটত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী। কেৰালাৰ ফেডাৰেল বেংকৰ পৰা ২৭ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চিৰাজুল ইছলামক। তেওঁ গৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বিলাসী বাহন। চিৰাজুল ইছলামে ব্যক্তিগতভাৱে তেওঁৰ একাউণ্টত ৪ কোটি টকা জমা কৰিছিল।
  8. কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে প্ৰকাশ কৰিছে ২০২৫-২৬ বৰ্ষৰ শৈক্ষিক চেচনৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী। আনুষ্ঠানিক অধিসূচনা অনুসৰি শীতকালীন জ’নৰ বিদ্যালয়সমূহে জানুৱাৰীৰ পূৰ্বে ৬ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰৰ ভিতৰত ব্যৱহাৰিক পৰীক্ষা সম্পূৰ্ণ কৰিব পাৰিব। অশীতকালীন জ’নৰ বাবে এই পৰীক্ষাসমূহ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।
  9. অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলা। ক্ৰিকেট বিশ্বৰ এই দুই শক্তিশালী দলৰ মাজত হ’বলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ নতুন এদিনীয়া জাৰ্চি মুকলি কৰা হয়। নতুন জাৰ্চিৰ কান্ধত ত্ৰিৰংগ শ্বেড আৰু সন্মুখত নতুন স্প’নচ’ৰৰ ল’গ’ দেখা গৈছে।