শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এজন হিন্দু জ্যোতিষীয়ে নাম ৰাখিছিল এ আৰ ৰহমান! জানক আঁৰৰ কাৰণ...

এজন হিন্দু জ্যোতিষীয়ে নাম ৰাখিছিল এ আৰ ৰহমান! জানক আঁৰৰ কাৰণ…

barasha-sarma
Barasha Sarma | Published: 17 Oct 2025 21:28 PM

এগৰাকী বিখ্যাত সুৰকাৰ এ আৰ ৰহমানৰ বিষয়ে সকলোৱে জানে। তেওঁ প্ৰথমে এটা হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। পাছলৈ তেওঁ নিজৰ নাম ৰাখে এ আৰ ৰহমান। ইয়াৰ আঁৰত আছে কাৰণ।

এগৰাকী বিখ্যাত সুৰকাৰ এ আৰ ৰহমান। যাক সম্ভৱতঃ চিনি নোপোৱা মানুহ খুব কম ওলাব। বহুতে হয়তো নাজানে যে, তেওঁ এটা হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ-মাতৃয়ে নাম ৰাখিছিল দিলীপ কুমাৰ। কিন্তু পাছলৈ তেওঁৰ নাম হয় এ আৰ ৰহমান। এগৰাকী হিন্দু জ্যোতিষীয়ে তেওঁৰ এই নাম ৰাখিছিল। ইয়াৰ আঁৰতো আছে বিশেষ কাৰণ।

এক সাক্ষাৎকাৰত তেওঁ এই কথা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, পিতৃৰ মৃত্যুৰ পাছত তেওঁ আৰু পৰিয়ালৰ লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ নাম আগতে দিলীপ কুমাৰ আছিল। কিন্তু তেওঁ এই নামটো ভাল পোৱা নাছিল। পাছলৈ তেওঁ নামটো সলনি কৰিছিল।

ইয়াৰ আঁৰত এজন হিন্দু জ্যোতিষী থকা বুলি তেওঁ উল্লেখ কৰে। জীৱনৰ এক গোপন ৰহস্যৰ কথা কয় তেওঁ।