শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসম মন্ত্ৰীসভাত স্থান পাব পাৰে বিপিএফৰ বিধায়কে, সৰ্বত্ৰে চৰ্চা!

শৰ্মাৰ মন্ত্ৰীসভাত খালী থকা এখন আসনত বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ এগৰাকী বিধায়কক নিযুক্তি দিয়া হ’ব পাৰে। এইলৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে।

অসম মন্ত্ৰীসভাত স্থান পাব পাৰে বিপিএফৰ বিধায়কে, সৰ্বত্ৰে চৰ্চা!
manas-borah
Manas Borah | Published: 17 Oct 2025 21:26 PM

শনিবাৰে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব। ইতিমধ্য সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনাৰ কথা সাংবাদিকৰ আগত সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰ্চা হৈছে যে, মন্ত্ৰীসভাত খালী থকা এখন আসনত বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ এগৰাকী বিধায়কক নিযুক্তি দিয়া হ’ব পাৰে। চৰকাৰৰ অংশীদাৰ নহৈ বিধানসভাত শাসকীয় বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ সমর্থন দি অহা বিপিএফে সম্প্রতি অনুষ্ঠিত হোৱা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নির্বাচনত জয়লাভ কৰে৷

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰ অনুসৰি, শনিবাৰে পুৱা ১১ বজাত ৰাজভৱনত নতুন মন্ত্ৰীগৰাকীৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধাত তেওঁ কয়, “কেবিনেটত এখন আসন খালী আছে। কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত নাম নিশ্চিত কৰিব পাৰিম।”

তেওঁ নিশ্চিত কৰি কয় যে,কাইলৈ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্ণ সম্ভাৱনা আছে। এখন আসন খালি আছে। গতিকে আজি সন্ধিয়াৰ ভিতৰত এই কথা চূড়ান্ত হ’ব।

অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এইটো হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ চতুৰ্থটো সম্প্ৰসাৰণ। বিপিএফৰ তিনিজন বিধায়কৰ ভিতৰত এজনে সেই খালী স্থান পূৰণ কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

উল্লেখ্য যে,বৰ্তমানৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ ১৫জন সদস্য, অসম গণ পৰিষদৰ দুজন আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (ইউপিপিএল)ৰ এজন সদস্য আছে।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ হাতত ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদন, কি আছে প্ৰতিবেদত? কেইবাটাও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ

লগতে পঢ়ক: পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…